নলবাৰী,9 অক্টোবৰ: ৰাজ্যৰ শেহতীয়া SI কেলেংকাৰীৰ সৈতে জড়িতৰ অপৰাধত পুনৰ আটক এজন ৷ শুকুৰবাৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে ৰুবুল হাজৰিকা নামৰ লোকজনে ৷
অতিৰিক্ত আৰক্ষী মহাপৰিদৰ্শক জি পি সিঙৰ নেতৃত্বত নলবাৰী আৰক্ষী চাউনিত চলা মাৰাথন জেৰাত আত্মসমৰ্পণ কৰে অভিযুক্ত ৰুবুল হাজৰিকাই ৷ জেৰাৰ অন্তত জি পি সিঙৰ নেতৃত্বাধীন এক বিশাল আৰক্ষী বাহিনীয়ে ধৃত ৰুবুল হাজৰিকাক লৈ গুৱাহাটী অভিমুখে ৰাওনা হয় ৷