নলবাৰী,19 আগষ্ট: নলবাৰীৰ পাটকাটাত মঙলবাৰে উদ্ধাৰ হৈছিল এক অচিনাক্ত ব্যক্তিৰ মৃতদেহ ৷ উক্ত মৃতদেহটো উদ্ধাৰৰ পিছতে তদন্ত আৰম্ভ কৰিছিল আৰক্ষীয়ে ৷ অৱশেষত বুধবাৰে আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি চিনাক্ত কৰিবলৈ সক্ষম হোৱাৰ লগতে উক্ত হত্যাকাণ্ডত জড়িতৰ অভিযোগত এগৰাকী ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে ৷
নলবাৰীত মৃতদেহ উদ্ধাৰ: হত্যাকাণ্ডত জড়িত এগৰাকীক আটক
নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষীৰ বৃহৎ সফলতা লাভ ৷ মঙলবাৰে চহৰখনৰ সমীপৰ পাটকাটাত উদ্ধাৰ হৈছিল এগৰাকী অচিনাক্ত যুৱকৰ মৃতদেহ ৷ উক্ত মৃতদেহ উদ্ধাৰৰ 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে হত্যাকাণ্ডত জড়িত এগৰাকী ব্যক্তি ৷ লগতে জব্দ কৰিছে এখন এ এছ 01 ডি ইউ 1649 নম্বৰৰ মাৰুতি ভান ৷
ঘটনাৰ বিৱৰণী অনুসৰি, নলবাৰী চহৰৰ সমীপৱৰ্তী নন্দগাঁৱৰ এগৰাকী যুৱকক হত্যা কৰি পাটকাটাত পথৰ সমীপৰ ধাননি পথাৰত পেলাই থোৱা হৈছিল । ঘটনা সন্দৰ্ভত বুধবাৰে ঘগ্ৰাপাৰ আৰক্ষীয়ে এগৰাকী ব্য়ক্তিক আটক কৰাৰ লগতে জব্দ কৰে হত্যাকাণ্ডটোত ব্যৱহৃত AS 01DU 1649 নম্বৰৰ এখন মাৰুতি ভান ৷ হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে আটক কৰা ব্যক্তিগৰাকী ভদ্ৰা গাঁৱৰ যোগেশ তালুকদাৰ বুলি জানিব পৰা গৈছে ৷ তাৎপৰ্যপূৰ্ণভাৱে জব্দকৃত বাহনখন তালুকদাৰৰ নামতে পঞ্জীয়ন হৈ থকা বুলি আৰক্ষী সূত্ৰই সদৰি কৰিছে ৷ ইফালে হত্যাৰ বলি হোৱা যুৱকগৰাকী ৰিংকুমণি শৰ্মা ওৰফে চান বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, হত্যাৰ বলি হোৱা যুৱকগৰাকীৰ আত্মীয়ই প্ৰকাশ কৰা অনুসৰি, ধনৰ লেন-দেনৰ বাবে এই হত্যাকাণ্ড সংঘটিত হোৱাৰ অনুমান প্ৰকাশ কৰা হৈছে ৷ সম্প্ৰতি হত্যাকাণ্ডত জড়িত যোগেশ তালুকদাৰক নলবাৰী আৰক্ষী থানালৈ প্ৰেৰণ কৰা হৈছে ৷
লগতে চাওকঃনলবাৰীত অচিনাক্ত মৃতদেহ উদ্ধাৰ