নলবাৰী, 13 জুলাই:নলবাৰীৰ ঘগ্ৰাপাৰ কাণ্ডই লৈছে নতুন মোৰ । ঘগ্ৰাপাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰয়ৰ পাচত এইবাৰ নলবাৰী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে কিশোৰীগৰাকীক পলুৱাই নিয়া যুৱকজনৰ বিৰুদ্ধে ৷ প্ৰথমাৱস্থাত নলবাৰী আৰক্ষীয়ে কিশোৰীগৰাকীৰ প্ৰেমিক মফিকুল আলী নাবালক বুলি কোনো ধৰণৰ গোচৰ ৰুজু নকৰাকৈ ঘৰলৈ যাবলৈ দিছিল । এই ঘটনাই প্ৰায় 20 দিন অতিক্ৰম কৰাৰ পাচত মঙলবাৰে নলবাৰী আৰক্ষীয়ে মঙলবাৰে যুৱকজনক গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰাই জেললৈ প্ৰেৰণ কৰে ৷
ঘগ্ৰাপাৰ থানাৰ নিলম্বিত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰয়ৰ বিৰুদ্ধে থানাৰ ভিতৰত এগৰাকী নাবালিকাৰ আপত্তিজনক ফটো তোলা অভিযোগ উত্থাপন হৈছিল । এই ঘটনা পোহৰলৈ অহাৰ পাছতে পলায়ন অৱস্থাত থাকে বিমান ৰয় ৷ ঘগ্ৰাপাৰ আৰক্ষীৰ কাণ্ডই লজ্জানত কৰে অসম আৰক্ষীক ।খোদ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে এই ঘটনাক খেদ প্ৰকাশ কৰাৰ লগতে নিজে ঘটনাৰ সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰে ৷ তেওঁ ঘগ্ৰাপাৰ আৰক্ষী থানাত উপস্থিত হৈ সমগ্ৰ বিষয়টো বুজ লয় ৷
সমান্তৰালভাৱে আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে বিমান ৰয়ক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ লগতে তেওঁক পলাতক ঘোষণা কৰে । বিমান ৰয়ৰ সন্ধান দিওঁতালৈ উপযুক্ত পুৰস্কাৰো ঘোষণা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ ইফালে আৰক্ষী উপ-মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিনহাইয়ো সেইদিনা নিশা নলবাৰী আৰক্ষী থানাত উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া নিৰীক্ষণ কৰে ।