নলবাৰী,12জুলাইঃ বানপানীৰ মাজতে নলবাৰীত সংঘটিত হ'ল এক শোকাৱহ ঘটনা । নৈত উটি অহা গছ ধৰিবলৈ গৈ ভৰা পাগলাদিয়াৰ বুকুত উটি গ'ল এজন লোক, কথমপি ৰক্ষা পৰিল আন এজনৰ । জিলাখনৰ মাজুশিৰালত সংঘটিত হৈছে এই ঘটনা ।
পাগলদিয়া নৈত সন্ধানহীন এজন - পাগলাদিয়া নৈ
দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা চৈয়দ আলী(৪৭)নামৰ লোকজনে পুত্ৰৰ সৈতে পাগলাদিয়া নৈত উটি অহা গছ ধৰিবলৈ যাঁওতে বাঢ়নী পানীয়ে উটুৱাই নিয়ে লোকজনক।
![পাগলদিয়া নৈত সন্ধানহীন এজন One missing in pagladiya river at nalbari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7996686-51-7996686-1594551787467.jpg)
পাগলদিয়া নৈত সন্ধানহীন এজন
পাগলদিয়া নৈত সন্ধানহীন এজন
উল্লেখযোগ্য যে, গাওঁখনৰ দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা চৈয়দ আলী (৪৭) নামৰ লোকজনে পুত্ৰৰ সৈতে পাগলাদিয়া নৈত উটি অহা গছ ধৰিবলৈ যাঁওতে বাঢ়নী পানীয়ে উটুৱাই নিয়ে লোকজনক । সম্প্ৰতি এছডিআৰএফ আৰু এনডিআৰএফৰ দল ঘটনাস্থলীত উপস্থিত হৈ লোকজনৰ সন্ধান চলাই আছে যদিও এই পৰ্যন্ত লাভ কৰা নাই কোনো সন্ধান।
লগতে পঢ়কঃ আগিয়া ছোফিয়া : ইছলামপ্ৰীতিৰ এখোজ আগলৈ তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰ্ডোগান