অসম

assam

By

Published : Feb 5, 2021, 7:57 PM IST

ETV Bharat / state

নলবাৰীত NSUI ৰ উত্তাল প্ৰতিবাদ

নলবাৰীত NSUI ৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ । নলবাৰীতো NSUI ৰ ছাত্ৰ হুংকাৰ কাৰ্যসূচী ।

নলবাৰীত NSUI ৰ উত্তাল প্ৰতিবাদ
নলবাৰীত NSUI ৰ উত্তাল প্ৰতিবাদ

নলবাৰী, ৫ ফেব্ৰুৱাৰী: শুকুৰবাৰে নলবাৰীত NSUI য়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । শাসনাধীন চৰকাৰ খনে নিবনুৱা কর্মসংস্থাপন দিয়াৰ বাবে যি ঘোষণা কৰিছিল সেয়া আজিকোপতি বাস্তৱত ৰূপায়ন নোহোৱাত প্ৰতিবাদমুখৰ হৈ পৰে সংগঠনটো । ইয়াৰোপৰি দেশত বৃদ্ধি হোৱা পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি আৰু অত্যৱবশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ জনতাৰ মূৰত যি ৰাম টাঙোন সোধাইছে, তাৰে প্ৰতিবাদত নলবাৰীত NSUI য়ে ভাৰতৰ প্ৰধান মন্ত্ৰী মোডী, পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিমূৰ্তি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

নলবাৰীত NSUI ৰ উত্তাল প্ৰতিবাদ

NSUI ৰ কৰ্মীসকলে প্ৰধানমন্ত্ৰী হাই হাই, পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান হাই হাই, বিজেপি গ বেক আদি ধ্বনিৰে উত্তাল কৰি তোলে নলবাৰী চহৰ । আনহাতে NSUI ৰ ৰাজ্যিক সভাপতি ঈশানু বৰুৱাই ৰাজ্যত বানপানীৰ সময়ত অসমলৈ আহিবলৈ সময় নোপোৱা প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ঘনে ঘনে আহিবলৈ কেনেকৈ সময় পায় বুলি অভিযোগ উত্থাপন কৰি কয় ।

লগতে পঢ়ক:অসম ভ্ৰমণৰ প্ৰাক মূহুৰ্তত ৰাজ্যৰ সমস্যাক লৈ মোদীক প্ৰশ্ন ৰিপুন বৰাৰ

ABOUT THE AUTHOR

...view details