অসম

assam

ETV Bharat / state

পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন - chief minister dr bhumidhar barman is no more

অজস্ৰ গুণমুগ্ধক কন্দুৱাই পঞ্চভূতত বিলীন হ'ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিবিদ ডাঃ ভূমিধৰ বৰ্মন । মঙলবাৰে পিতৃ ভূমি বেলশৰ শিঙিমাৰাৰ ভকত ৰাম পুখুৰীৰ পাৰত ৰাজ্যিক মৰ্যদাৰে সম্পন্ন হয় জ্যেষ্ঠ ৰাজনীতিবিদ গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া । পুত্ৰ দিগন্ত বৰ্মনে কৰে মুখাগ্নি ।

পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন
পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন

By

Published : Apr 20, 2021, 8:42 PM IST

নলবাৰী,20 এপ্ৰিল: অজস্ৰ গুণমুগ্ধক কন্দুৱাই পঞ্চভূতত বিলীন হ'ল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান ৰাজনীতিবিদ ডাঃ ভূমিধৰ বৰ্মন । মঙলবাৰে পিতৃ ভূমি বেলশৰ শিঙিমাৰাৰ ভকত ৰাম পুখুৰীৰ পাৰত ৰাজ্যিক মৰ্যদাৰে সম্পন্ন হয় জ্যেষ্ঠ ৰাজনীতিবিদ গৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া । পুত্ৰ দিগন্ত বৰ্মনে কৰে মুখাগ্নি । প্ৰয়াত নেতা ডাঃ ভূমিধৰ বৰ্মনে নিজ হাতে ৰোপণ কৰা চন্দন গছৰ কাঠেৰে জ্বলোৱা হয় তেওঁৰ পবিত্ৰ চিতা ।

দৰিদ্ৰৰ বন্ধু তথা সৰু গান্ধী ৰূপে খ্যাত ডাঃ ভূমিধৰ বৰ্মনক শেষবাৰৰ বাবে চাবলৈ হাজাৰ হাজাৰ গুণমুগ্ধই ভীৰ কৰে অন্ত্যেষ্টিক্ৰিয়াস্থলীত ।

পঞ্চভূতত বিলীন হ’ল প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ ভূমিধৰ বৰ্মন

প্ৰয়াত জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীক শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ অন্ত্যেষ্টিক্ৰিয়াস্থলীত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উপ দলপতি ৰকিবুল হুছেইন, বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস, বিধায়ক নাৰায়ণ ডেকা, বিধায়ক প্ৰশান্ত ফুকন, শ্বেৰমান আলী আহমেদ, মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালীকে আদি কৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধিসকল ।

এক কথাত মিলন ভূমিত পৰিণত হ'ল ভকতৰাম পুখুৰীৰ পাৰ । ৰাজনৈতিক শত্ৰুতা পাহৰি প্ৰয়াত নেতা গৰাকীক শেষবাৰৰ বাবে চাবলৈ সকলোৱে ভীৰ কৰিলে ভকতৰাম পুখুৰীৰ পাৰত ।

উল্লেখ্য যে, প্ৰয়াত বৰ্ষীয়ান ৰাজনৈতিক নেতা গৰাকীৰ নশ্বৰ দেহ সোমবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত পৰিভ্ৰমণ কৰাৰ অন্তত নিশাটো বেলশৰস্থিত নিজ গৃহত ৰখা হৈছিল ।

লগতে পঢ়ক:সুশান্ত সিং ৰাজপুতৰ জীৱনৰ আধাৰত চলচ্চিত্ৰ নিৰ্মাতালৈ জাননী

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details