নলবাৰী, 26 নৱেম্বৰ :প্ৰণীতা ৰেষ্টুৰেন্টত চাহ মেলত বহাৰ পাচতে সাংবাদিকৰ প্ৰশ্ন উত্তৰত জাকিৰ হুছেইন শিকদাৰে স্পষ্ট কৰি দিছে যে, এই সময়ত বিজেপিত কোনো কংগ্ৰেছৰ নেতাই যোগ নিদিয়ে ৷ তেওঁ কয়, বিজেপিলৈ যাবলগীয়া নেতাসকলে ইতিমধ্যে বিজেপিত যোগদান কৰিছে ৷ উপ-নিৰ্বাচনো হৈ গৈছে ৷ গতিকে নতুন কোনো কংগ্ৰেছ নেতাই বিজেপিত যোগ নিদিয়ে বুলি স্পষ্ট কৰি দিয়ে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি গৰাকীয়ে ৷
যদিও তেওঁ কংগ্ৰেছৰ কোনো নেতা বিজেপিলৈ নাযায় বুলি কৈছে তথাপিও বিষয়টো একেবাৰে এৰাই চলিব নোৱাৰি ৷ কিয়নো, বিজেপিলৈ আৰু কংগ্ৰেছ নেতা নাযায় বুলি জাকিৰ হুছেইন শিকদাৰে কৰা মন্তব্যৰ বিপৰীতে চাহ মেলৰ পাছত ভৱেশ কলিতাই কৰা মন্তব্য আছিল অধিক কৌশলগত ৷ ৰাজ্যিক বিজেপি ৰ সভাপতি ভৱেশ কলিতাই সাংবাদিকৰ আগত কয় (BJP Assam Pradesh president Bhabesh Kalita), অন্য দলৰ নেতাই বিজেপিত যোগ দিয়া বিষয়টোৰ ওপৰত এতিয়াই মন্তব্য প্ৰকাশ কৰিব নোৱাৰি ৷
"মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ উন্নয়নে এক নতুন গতি লাভ কৰিব ৷ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ উন্নয়নমূলক কাম-কাজৰ প্ৰতি কোনো অন্য দলৰ নেতা আকৃষ্ট হোৱাটো অস্বাভাৱিকো নহয় ৷" এই মন্তব্য ভৱেশ কলিতাৰ ৷
ভৱেশ কলিতাই আওপকীয়াকৈ এই কথাও বুজাবলৈ চেষ্টা কৰিছিল যে, কংগ্ৰেছৰ কেইবাগৰাকী বিধায়কে ৰাজ্যিক বিজেপিৰ লগত যোগাযোগ কৰিছে (Congress MLA contact with BJP) ৷ ইফালে, যোৱা কেইদিনমানত সাংবাদিকৰ প্ৰশ্ন উত্তৰত ৰাজ্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাইও উপ-নিৰ্বাচনৰ সন্দৰ্ভত আওপকীয়া কিছু মন্তব্য প্ৰকাশ কৰা দেখা গৈছে (Himanta Biswa Sarma on Byelection) ৷ তেওঁ বহুবাৰ কৈছে যে, বহুকেইটা সমষ্টিৰ ৰাইজে উপ-নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷ শাসকীয় দল বিজেপিৰ নেতা-কৰ্মীৰ আওপকীয়া মন্তব্যই এটা স্পষ্ট কৰিছে যে, আগন্তক সময়ত পুনৰ উপ-নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সকলো ফালৰ পৰা সাজো হৈ আছে শাসক পক্ষ ৷