নলবাৰীৰ হৰিমন্দিৰৰ প্ৰাংগণত নৱনিৰ্মিত নামঘৰৰ দ্বাৰ উদঘাটন নলবাৰী, 23 নৱেম্বৰ : বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰি মন্দিৰ প্ৰাংগণত নিৰ্মীয়মান নামঘৰ ৷ আটকধুনীয়াকৈ নিৰ্মাণ কৰা দুই মহলীয়া নামঘৰটোৰ দ্বাৰ উদঘাটন কৰে মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই ।
উল্লেখ্য যে, 2008 চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেইসময়ৰ পদাধিকাৰ কৰুণা কান্ত কলিতাই নামঘৰটোৰ আধাৰশিলা প্ৰতিষ্ঠা কৰিছিল । উক্ত নামঘৰটো বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰি নলবাৰীৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে মুকলি কৰা হয় ।
এই আটকধুনীয়া নামঘৰটোৰ দ্বাৰ উদঘাটন কৰে মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই । উদ্বোধকৰ ভাষণত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কয় যে নামঘৰটো নিৰ্মাণৰ প্ৰয়োজনীয়তা অনুভৱ কৰাৰ পাচতে পৰিকল্পনা কৰি আধাৰশিলা স্থাপন কৰা হৈছিল । উক্ত স্থানত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷
বৃহস্পতিবাৰে উন্মোচন কৰা নামঘৰটোৱে হৰিমন্দিৰৰ সৌষ্ঠৱ বৃদ্ধি কৰাৰ লগতে তাত সমাৱেশ হ’বলগীয়া ভক্তৰ উপস্থিতিৰ ফলত নামঘৰৰ লগতে হৰিমন্দিৰৰ প্ৰাংগণ ভক্তিৰসেৰে জীপাল কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷
নলবাৰীবাসীৰ বাবে উক্ত নামঘৰটোৰ খুবেই প্ৰয়োজন আছিল বুলিও মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই । নামঘৰটো উদ্বোধনী সভাত শংকৰ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাই কয়, ‘‘ এই সুন্দৰ নামঘৰ আৰু গুৰু আসন প্ৰতিষ্ঠাই গুৰুজনাৰ প্ৰতি এক ডাঙৰ স্বীকৃতি দিলে ।’’
অনুষ্ঠানত হৰিমন্দিৰৰ সাধাৰণ সম্পাদক নলিনী শীলৰ লগতে বহু কেইগৰাকী লোক উপস্থিত থাকে । ইফালে সমাগত ৰাস মহোৎসৱৰ সন্দৰ্ভত জয়ন্ত মল্ল বৰুৱাই কয় যে এই ৰাসৰ প্ৰতি যাতে পৰ্যটক আকৰ্ষিত হয়, তাৰ বাবে প্ৰতি বছৰে চেষ্টা কৰি অহা হৈছে ৷ এইবেলিও ব্যতিক্ৰম নহয় ৷
লগতে পঢ়ক :ৰাস মহোৎসৱত চামগুৰি সত্ৰৰ মুখাই আকৰ্ষণ কৰিব দৰ্শকক