নলবাৰী, 1 অক্টোবৰ : কৰ’ণা মহামাৰীৰ মাজতেই নতুন নতুন আঁচনিৰে ৰাইজক আকৃষ্ট কৰিবলৈ আ-প্ৰাণ চেষ্টা চলাইছে মন্ত্ৰী বিধায়ক সকলে ৷
2021ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া ধৰ্মপুৰত ঘনে ঘনে উপস্থিত হৈছে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী । বৃহস্পতিবাৰে নলবাৰী জিলাৰ ধৰ্মপুৰ সমষ্টিত উপস্থিত হৈ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে কেইবাটাও পথৰ আধাৰশিলা স্থাপনৰ লগতে কৈহাটী মধুপুৰ সংযোজিত পথত প্ৰায় 5.50 কৌটি টকাৰ এখন দলঙৰ নিৰ্মাণ কাৰ্যৰ আধাৰ শিলা স্থাপন কৰে।