নলবাৰী,27 ছেপ্তেম্বৰ:সমগ্ৰ ৰাজ্য জোকাৰি গৈছে অসম আৰক্ষীৰ উপ-পৰিদৰ্শকৰ পৰীক্ষা কাণ্ডৰ কেলেংকাৰীয়ে ৷ ইতিমধ্যে এই কাণ্ডত জড়িত বহুকেইগৰাকী ব্যক্তি জালত পৰিছে আৰক্ষীৰ ৷ ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষীয়ে এতিয়ালৈকে আটক কৰিছে পাঁচগৰাকীকৈ ব্যক্তিক ৷ ব্যক্তিকেইগৰাকীয়ে এই কাণ্ড সন্দৰ্ভত মুখ খোলাৰ পিছতে ঘটনাই নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে ৷ তদুপৰি নতুনকৈ আন কেইবাগৰাকী ব্যক্তি আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷ উল্লেখ্য যে,আটকাধীন আটাইকেইগৰাকী ব্যক্তিয়ে থেংক ইউ লজত অনুষ্ঠিত পৰীক্ষাত অৱতীৰ্ণ হৈছিল ৷ নলবাৰী আৰক্ষীয়ে প্ৰায় দুদিন পূৰ্বে আটক কৰা কুলদীপ ৰাজবংশীৰ স্বীকাৰোক্তিৰ ভিত্তিত জিলাখনৰ ভিন্ন অঞ্চলৰ পৰা অন্য ব্যক্তি কেইগৰাকীক আটক কৰে ৷ আটকাধীন ব্যক্তি কেইগৰাকী হৈছে ক্ৰমে- হৰকত আলী, সঞ্জীৱ বৰ্মন, মৃদুল বৰ্মন, পাৰ্থপ্ৰতিম পাঠক আৰু ধ্ৰুৱজ্যোতি বৰুৱা ৷
আটকাধীন ব্যক্তি কেইগৰাকীৰ ভাষ্য অনুসৰি, কোচিঙৰ দোহাই দি ব্যক্তি কেইগৰাকীক মহানগৰীলৈ মাতি নিছিল জিলাখনৰ এগৰাকী বিশেষ লোকে ৷ মহানগৰীৰ থেংক ইউ ল’জত 19 ছেপ্তেম্বৰত অনুষ্ঠিত আগতীয়া পৰীক্ষাত প্ৰাৰ্থীসকলক যোগান ধৰা হৈছিল প্ৰশ্নসমূহৰ উত্তৰৰ ৷ এই কথা আৰক্ষীৰ আগত প্ৰকাশ কৰিছে আটকাধীন পৰীক্ষাৰ্থীসকলে ৷ তাৎপৰ্যপূৰ্ণভাৱে এই কাণ্ডত জড়িত বিভিন্ন তথ্য ধাৰাবাহিকভাৱে পোহৰলৈ আহিছে ৷