অসম

assam

ETV Bharat / state

মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ নৱ নিৰ্মিত ভৱনত আৰম্ভ চিকিৎসা সেৱা

বহু জল্পনা কল্পনাৰ অন্তত মুকলি হ'ল মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ নৱ নিৰ্মিত ভৱন (New Building of Mukalmua Hospital Opening)। বৃহস্পতিবাৰৰ পৰা চিকিৎসালয়খনৰ নৱ নিৰ্মিত ভৱনত চিকিৎসা সেৱা আৰম্ভ কৰা হয় ৷

মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ নৱ নিৰ্মিত ভৱনত আৰম্ভ চিকিৎসা সেৱা
মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ নৱ নিৰ্মিত ভৱনত আৰম্ভ চিকিৎসা সেৱা

By

Published : Jun 23, 2022, 10:41 PM IST

নলবাৰী, ২৩ জুন : বৃহস্পতিবাৰৰ পৰা নলবাৰীৰ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ নৱ নিৰ্মিত ভৱনত চিকিৎসা সেৱা আৰম্ভ কৰা হয় (New Building of Mukalmua Hospital Opening) । বৰক্ষেত্ৰীৰ প্ৰাণকেন্দ্ৰ মুকালমুৱা সামূহিক চিকিৎসালয় চৌহদত চিকিৎসালয়খন অসামৰিক চিকিৎসালয়লৈ উন্নত কৰি ২০১৯ চনৰ ৮ মাৰ্চ তাৰিখে সেই সময়ৰ অসম চৰকাৰৰ ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই গৃহটোৰ আধাৰশিলা স্থাপন কৰিছিল ।

অসামৰিক চিকিৎসালয়ৰ ভৱনটো প্ৰায় ডেৰ বছৰ পূৰ্বে নিৰ্মাণ সম্পূৰ্ণ হৈছিল ৷ কিন্তু বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ হেমাহিৰ বাবে চিকিৎসালয়খনৰ মৰ্গ, চিকিৎসালয়লৈ যোৱা পথ আদিৰ আনুসংগিক কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই । এই অভিযোগ অঞ্চলবাসীৰ ৷ ইপিনে পুৰণি গৃহসমূহ জহি খহি যোৱাৰ ফলতো অস্বাস্থ্যকৰ পৰিৱেশতে চিকিৎসালয়খনত চিকিৎসা সেৱা আগবঢ়াব লগা হৈছিল ।

মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ৰ নৱ নিৰ্মিত ভৱনত আৰম্ভ চিকিৎসা সেৱা

শেহতীয়া কৃত্ৰিম বানৰ সময়ত চিকিৎসালয়খনৰ ঔষধ মজুত ৰখা গৃহ, প্ৰসূতি চিকিৎসা গৃহ আদি বিভিন্ন গৃহত পানী সোমাইছিল ।

সেই সময়তে চিকিৎসালয়ৰ চিকিৎসা সম্পৰ্কীয় সকলো কাম-কাজ অসামৰিক চিকিৎসালয়ৰ বাবে নিৰ্মিত ভৱনলৈ স্থানান্তৰৰ দাবী উত্থাপন কৰিছিল একাংশ ৰাইজে । সেই মৰ্মে বৃহস্পতিবাৰে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মনে নলবাৰী জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক উমেশ ফাংচুৰ উপস্থিতিত নৱ নিৰ্মিত ভৱনটোৰ শুভ উদ্বোধন কৰে ৷

লগতে পঢ়ক :৪ শিক্ষাৰ্থীৰে এখন চৰকাৰী স্কুল পুনৰুজ্জীৱিতকৰণৰ নিৰলস প্ৰচেষ্টা ২ শিক্ষকৰ

চিকিৎসালয় পৰিচালনা সমিতিৰ সদস্য তথা জ্যেষ্ঠ সাংবাদিক প্ৰদীপ কুমাৰ কলিতাই উক্ত সভাতেই ক্ষোভ ব্যক্ত কৰি অসামৰিক চিকিৎসালয়ৰ নিৰ্মাণৰ কোনো তথ্য আজিলৈ সদৰি নকৰা সংক্ৰান্তত এক প্ৰশ্ন উত্থাপন কৰে ৷ যাৰ প্ৰশ্নৰ উত্তৰত যুটীয়া স্বাস্থ্য সঞ্চালকগৰাকীয়ে বিভাগীয় ব্যৰ্থতাৰ কথা স্বীকাৰ কৰি অসামৰিক চিকিৎসালয়খনৰ লগতে আনুষংগিক বহু কাম এতিয়াও বাকী থকাৰ কথা উল্লেখ কৰে ।

লগতে সঞ্চালকগৰাকীয়ে চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসক তথা কৰ্মচাৰী পৰ্যায়ক্ৰমে বিভাগীয়ভাৱে নিয়োগ কৰা হ’ব বুলি ব্যক্ত কৰে । ইপিনে সম্পূৰ্ণকৈ চাফ-চিকুণ নকৰাকৈ চিকিৎসা সেৱা আৰম্ভ কৰাক লৈও প্ৰতিক্ৰিয়া ব্যক্ত কৰি চিকিৎসালয়খন চাফ-চিকুণ কৰাৰ আদেশ দিয়ে ৷ লগতে প্ৰয়োজনীয় আঁচ-বাব আদি অনতি পলমে বিভাগীয়ভাৱে যোগান ধৰা হ’ব বুলি ব্যক্ত কৰে স্বাস্থ্য সঞ্চালক উমেশ ফাংচুৱে ৷

লগতে পঢ়ক :Flood in Assam 2022: কপিলীত জাহ গ’ল লংকাৰ এখন গাঁও

ABOUT THE AUTHOR

...view details