নিউজ ডেস্ক, ১০ ডিচেম্বৰঃৰাজ্যৰ বিভিন্ন স্থানত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে নেছ’ আহ্বান জনোৱা উত্তৰ-পূৰ্বাঞ্চল বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হয় ৷ শিৱসাগৰৰ আমগুৰি,নামতি,জাঁজী আদি এলেকাতো এই প্ৰভাৱ পৰা দেখা যায় ৷ ইফালে বন্ধৰ সমৰ্থনত নামতিত ৰাজপথলৈ ওলাই আহিল ছাত্ৰ সন্থাৰ সদস্যৰ লগতে একাংশ বন্ধ সমৰ্থক। বন্ধ সমৰ্থকসকলে নামতিৰ ধোদৰ আলিত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। তদুপৰি প্ৰধানমন্ত্ৰী মোডী হায় হায়,গৃহমন্ত্ৰী অমিত শ্বাহ গ’বেক,কেব আমি নামানো,মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰে সমৰ্থকসকলে। বন্ধৰ সময়ছোৱাত জাঁজীৰ ৩৭ নং ঘাইপথ,আমগুৰিৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ধোদৰ আলিত যান-বাহনৰ চলাচল প্ৰায় স্তব্ধ হৈ পৰে ।
নলবাৰীঃ নলবাৰীতো নেছ’ আৰু সদৌ অসম ছাত্ৰ সন্থাই আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ সৰ্বাত্মক হোৱা দেখা যায় । জিলাখনৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদকাৰীসকলে টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে প্ৰতিবাদকাৰী দলটোক। আনহাতে, নিশাৰ ভাগত চহৰখনৰ হৰিমন্দিৰ,জৈন মন্দিৰকে ধৰি বিভিন্ন স্থানত দেখা পোৱা গ’ল ‘ন’ কেব’ শীৰ্ষক শ্ল'গান ৷ ইফালে নলবাৰীৰ মাজমজিয়াত থকা টাউন মণ্ডলৰ বিজেপি কাৰ্যালয়ত কোনোবাই লিখি থৈ যায় ন’ কেব ৷ তদুপৰি অমিত শ্বাহ,সৰ্বানন্দ সোণোৱালৰ ফটো সম্বলিত বেনাৰৰ ওপৰতো কোনোবাই ন’ কেব লিখি থৈ যোৱা পৰিলক্ষিত হয় ৷ আনহাতে প্ৰতিবাদৰ নামত একাংশ আছু কৰ্মীয়ে বাহনসমূহ ভাঙি উদ্ভণ্ডালিৰ পৰিচয় দিয়ে ৷