অসম

assam

ETV Bharat / state

Tallest Shiva statue in Nalbari: শিৱৰাত্ৰিৰ দিনাই নলবাৰীত উন্মোচন উত্তৰ-পূৱৰ সৰ্ববৃহৎ শিৱ মূৰ্তি - Tallest Shiva statue unveiled in North East

অৱশেষত ৰাইজৰ বাবে মুকলি হ'ল উত্তৰ-পূৱৰ সৰ্ববৃহৎ শিৱ মূৰ্তি (NE Tallest Shiva statue in Nalbari)। নলবাৰীৰ খাৰজাৰা আশ্ৰমৰ সমীপত নিৰ্মাণ কৰি উলিওৱা শিৱ মূৰ্তিটো শিৱৰাত্ৰিৰ দিনা উন্মোচন কৰা হয় । আৰ এছ এছ নেতা বশিষ্ঠ বুজৰবৰুৱাই উন্মোচন কৰে মূৰ্তিটো ।

Tallest Shiva statue in Nalbari
নলবাৰীত উন্মোচন উত্তৰ-পূৱৰ সৰ্ববৃহৎ শিৱ মূৰ্তি

By

Published : Feb 18, 2023, 8:26 PM IST

নলবাৰীত উন্মোচন উত্তৰ-পূৱৰ সৰ্ববৃহৎ শিৱ মূৰ্তি

নলবাৰী,১৮ ফেব্ৰুৱাৰী : আজি মহা শিৱৰাত্ৰি (Mahashivratri 2023)। দেশজুৰি শিৱৰাত্ৰিৰ ব্যাপক আয়োজন কৰা হৈছে । অসমৰো প্ৰতিখন জিলাতে দেখা গৈছে শিৱৰাত্ৰিৰ বিভিন্ন কাৰ্যসূচী । বাকী জিলাবোৰৰ লগতে নলবাৰী জিলাৰো বিভিন্ন মন্দিৰ, দেৱালয়ত পুৱাৰে পৰা দেখা গৈছে ভক্তৰ যথেষ্ট ভিৰ (Mahashivratri celebration in Assam)।

অৱশ্যে এইবাৰ নলবাৰী জিলাৰ বাবে এই শিৱৰাত্ৰি কিছু ব্যতিক্ৰম হৈছে । কিয়নো নলবাৰী জিলাত শিৱৰাত্ৰিৰ দিনটোতে মুকলি কৰা হয় উত্তৰ-পূৱৰ ভিতৰতে ওখ শিৱ মূৰ্তি । পুৱাই সুউচ্চ শিৱ মূৰ্তিটো লোকাৰ্পণ কৰা হয় । ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ সহকাৰী প্ৰচাৰক বশিষ্ঠ বুজৰবৰুৱাই শিৱ মূৰ্তিটো ৰাইজৰ বাবে উন্মোচন কৰে (Tallest Shiva statue unveiled in North East)।

উল্লেখ্য যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে ওখ এই শিৱ মূৰ্তিটোৰ উচ্চতা ৯১ ফুট (Tallest Shiva statue in Nalbari)। নলবাৰীৰ ১০০৮ শ্ৰীশ্ৰী বাবা দুধনাথ খাৰজাৰা আশ্ৰমৰ সমীপত চিমেণ্ট আৰু শিলেৰে নিৰ্মাণ কৰি উলিওৱা হৈছে এই শিৱ মূৰ্তিটো । নলবাৰীৰ মহালক্ষ্মী সঞ্চয় আৰু ঋণদান সমবায় সমিতিয়ে প্ৰায় ৪০ লাখ টকা ব্যয় সাপেক্ষে এই শিৱ মূৰ্তিটো নিৰ্মাণ কৰিছে । খনিকৰ প্ৰদীপ পাল আৰু তেওঁৰ ২০ গৰাকী শিল্পীয়ে মূৰ্তিটো নিৰ্মাণ কৰিছে ।

২০২০ চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা বৃহৎ শিৱ মূৰ্তিটো উন্মোচন হোৱাৰ লগে লগে অগণন ভক্তই ভিৰ কৰা দেখা গৈছে । ইতিমধ্যে তিনিদিনীয়াকৈ আয়োজন কৰা মহা শিৱৰাত্রি উপলক্ষে খাৰজাৰা আশ্ৰমৰ সমীপত ধৰ্মীয় আৰু আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে ।

পুৱাৰে পৰা ভক্তৰ যথেষ্ট সমাগম দেখিবলৈ পোৱা গৈছে ৷ আনহাতে এই শিৱ মূৰ্তিটোৰ উন্মোচনী সভাত উপস্থিত থাকে নলবাৰী সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মাৰ লগতে প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ লগতে চিকিৎসক উমেশ চক্ৰৱৰ্তী আদি বিশিষ্ট ব্যক্তিসকল ।

ইফালে উত্তৰ পূৱৰ ভিতৰতে ওখ শিৱ মূৰ্তিটো উন্মোচন হোৱাৰ লগে লগে নলবাৰীৰ ৰাইজৰ মাজত ব্যাপক উছাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে (North East largest Shiva statue in Nalbari)। ইয়াৰ জৰিয়তে পৰ্যটন ক্ষেত্ৰত নলবাৰীয়ে এক সুকীয়া স্থান দখল কৰিব বুলিও আশাবাদী নলবাৰীবাসী ।

লগতে পঢ়ক :Mahashivratri 2023: মহা শিৱৰাত্ৰি উপলক্ষ্যে টিলিঙা মন্দিৰলৈ অগনন ভক্তৰ আগমন

ABOUT THE AUTHOR

...view details