নলবাৰী, 17 জুলাই :নলবাৰীৰ পদপথত এজন অসাধাৰণ ব্যৱসায়ী ৷ সাধাৰণ দোকান এখনেৰে চলাইছে নিজৰ জীৱন সংগ্ৰাম ৷ এইজন কালিন্দ্ৰ হালৈ এসময়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ ৷ নিজৰ প্ৰবল ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমৰ বাবে মাত্ৰ 18 বছৰ বয়সতে কৰ্ণাটকৰ হাৰোৱালত অনুষ্ঠিত ফ্ৰী ষ্টাইল ৰীলেত অসমৰ হৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল ।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদ কালিন্দ্ৰ হালৈ এতিয়া ফুটপাথৰ পাণ-তামোলৰ দোকানীৰূপে পৰিচিত ৷ বৰ্তমান সময়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ফুটপাথত পাণ-তামোলৰ দোকান দিয়া কাৰ্য সহজ হৈ পৰিছে । চৰকাৰৰ আহিল চৰকাৰ গ'ল, কোনোবা বিধায়ক হ'ল, কোনোবা আকৌ মন্ত্ৰী হ'ল, কিন্তু কোনো এজন মন্ত্ৰী-বিধায়কৰ দৃষ্টিগোচৰ নহ'ল সেইসকল ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ৷ তেনে এজন ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈয়ে বৰ্তমান ফুটপাথত পাণ-তামোলৰ দোকানৰে জীৱন-নিৰ্বাহ কৰি আছে এমুঠি অন্নৰ বাবে ।
নলবাৰীৰ বিষ্ণুপুৰৰ ভৰত হালৈ আৰু অমূল্যা হালৈৰ তৃতীয় পুত্ৰ কালিন্দ্ৰ হালৈ তথা এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাঁতোৰবিদক আজি নলবাৰীবাসীৰ লগতে ৰজাঘৰীয়াও যেন পাহৰি পেলালে । প্ৰবল ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমৰ বাবে মাত্ৰ 18 বছৰ বয়সতে কৰ্ণাটকৰ হাৰোৱালত অনুষ্ঠিত ফ্ৰী ষ্টাইল ৰীলেত অসমৰ হৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল । কালিন্দ্ৰৰ এই পদকটোৱে আছিল ৰাষ্ট্ৰীয় স্কুল সাঁতোৰ প্ৰতিযোগিতাত অসমৰ প্ৰথমটো পদক ।