নলবাৰীত ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে বিশাল সমদল - সমাজ কল্যাণ বিভাগ
শিশু তথা ল'ৰা ছোৱালীক পুষ্টিকৰ আহাৰ খুওৱাৰ লক্ষ্যৰে মাতৃ সমাজক সজাগ কৰিবলৈ সোমবাৰে নলবাৰী জিলা প্ৰশাসন, সমাজ কল্যাণ বিভাগৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত সোমবাৰে নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এক সজাগতা সভা অনুষ্ঠিত হয় ।
নলবাৰী, 16 চেপ্তেম্বৰঃ নলবাৰীত সোমবাৰে ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে অনুষ্ঠিত হয় এক বিশাল সজাগতা সভা ৷ শিশু তথা ল'ৰা ছোৱালীক পুষ্টিকৰ আহাৰ খুওৱাৰ লক্ষ্যৰে মাতৃ সমাজক সজাগ কৰিবলৈ সোমবাৰে নলবাৰী জিলা প্ৰশাসন, সমাজ কল্যাণ বিভাগৰ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহযোগত সোমবাৰে নলবাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এক সজাগতা সভা অনুষ্ঠিত হয় । সাংসদ দিলীপ শইকীয়াই উদ্বোধন কৰা এই সভাত সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ভাষণ প্ৰদান কৰে । ইয়াৰ পিছতে নলবাৰী চহৰত এক আকৰ্ষণীয় সমদল উলিয়াই ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ লগতে সাংসদ দিলীপ শইকীয়া আৰু উপায়ুক্ত ভাৰত ভূষণ দেব চৌধুৰীয়েও এই সমদলত অংশ গ্ৰহণ কৰে । এইদৰে বিভিন্ন থলুৱা প্ৰাকৃতিক শাক পাচলিও সোমবাৰৰ এই পোষণ অভিযানত প্ৰদৰ্শন কৰা হয়।