নলবাৰী, ২৭ ফেব্ৰুৱাৰী :নলবাৰী মেডিকেল কলেজ হাস্পতালত নেশ্যনেল মেডিকেল কাউঞ্চিলৰ পৰ্যবেক্ষণ । ৰাজ্যৰ স্বাস্থ্য খণ্ডত নতুনকৈ সংযোজন হোৱাৰ দিশে নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় । সোমবাৰে নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হয় নেচনেল মেডিকেল কাউঞ্চিলৰ পৰ্যবেক্ষকৰ এটি দল (National medical council team at Nalbari) ।
সোমবাৰৰ ৰাতিপুৱাৰে পৰা ৰাষ্ট্ৰীয় চিকিৎসা আয়োগৰ এটা দলে সমগ্ৰ চিকিৎসালয়খন পৰ্যবেক্ষণ কৰে । উল্লেখযোগ্য যে, ২০১৯ চনত জিলাখনৰ ঘগ্ৰাপাৰৰ দক্ষিণ গাঁৱত আধাৰশিলা স্থাপন কৰা হৈছিল চিকিৎসা মহাবিদ্যালয়খনৰ । প্ৰায় তিনি বছৰৰ অন্তত চিকিৎসা মহাবিদ্যালয়খনৰ আন্তঃগাঠনি সম্পূৰ্ণ হোৱাত আজিৰে পৰা এমাহ পূৰ্ৱৰে পৰা বহি:বিভাগৰ সকলো চিকিৎসা সেৱা প্ৰদান কৰা হৈ আহিছে চিকিৎসালয়খনত (( Nalbari Medical College Hospital) ) । উল্লেখযোগ্য যে নৱনিৰ্মিত চিকিৎসা মহাবিদ্যালয়খন সম্পূৰ্ণ হোৱাত নলবাৰী অসামৰিক চিকিৎসালয়খনৰ পৰা সকলো বহিঃবিভাগৰ সামগ্ৰী, চিকিৎসক, নাৰ্চ, কৰ্মচাৰীক নলবাৰী মেডিকেল কলেজ হাস্পতালত নিয়োজিত কৰা হৈছিল ।
যাৰ বাবে নলবাৰীত বিক্ষোভৰ জুই জ্বলা দেখিবলৈ পোৱা গৈছিল । নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনৰ সৈতে নৱনির্মিত মেডিকেল কলেজখনক সংলগ্ন কৰাৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছিল নলবাৰীবাসীক (Protest against hospital relocation in Nalbari) ৷ আনকি প্ৰশাসনে প্ৰতিবাদ মষিমূৰ কৰিব নোৱাৰি 144 ধাৰা জাৰি কৰা পৰিলক্ষিত হৈছিল (Section 144 imposed in Nalbari) ৷