নলবাৰী, ৫ ছেপ্তেম্বৰ:নলবাৰী জিলাৰ চামতাত অনুষ্ঠিত নৰোৰাম বৰ্মন সোঁৱৰণী প্ৰাইজমানি ফুটবল (Naroram Barman Football Tournament) প্ৰতিযোগিতাৰ দেওবাৰে সোমৰণি পৰে । প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনত আছাম ৰেজিমেন্টক হৰুৱাই খিতাপ অৰ্জন কৰে অইল ইণ্ডিয়া দুলীয়াজানে (Oil India Duliajan won title)।
সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ স্বীকৃতিপ্ৰাপ্ত (All India Football Federation recognizes) নলবাৰীৰ চামতা আঞ্চলিক ক্ৰীড়া সংঘৰ (Samta anchalic Sports Association)দ্বাৰা পৰিচালিত ৪২ তম নৰোৰাম বৰ্মন সোঁৱৰণী প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেল । উক্ত ফাইনেলত অংশগ্ৰহণ কৰে অইল ইণ্ডিয়া দুলীয়াজান আৰু আছাম ৰেজিমেন্ট শ্বিলং দলে । ইফালে, নৈশ ফুটবলৰ ফাইনেল খেলখনত উপস্থিত থাকি খেল উপভোগ কৰে ধিং এক্সপ্ৰেছ হিমা দাসৰ লগতে অসম চৰকাৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ লগতে কেইবাগৰাকীও ক্ৰীড়াবিদে ।
খেলখনৰ প্ৰথমাৰ্ধত অইল ইণ্ডিয়া দুলীয়াজানে আছাম ৰেজিমেন্ট শ্বিলঙক ১-০ গ’লৰ ব্যৱধানত আগবাঢ়ি থাকে । পিছত এই ১-০ ব্যৱধানতেই অইল ইণ্ডিয়া দুলীয়াজানে খিতাপ অৰ্জন কৰে । ইফালে, প্ৰতিকূল বতৰকো নেওচি হাজাৰ হাজাৰ দৰ্শকে খেল উপভোগ কৰে ।