নলবাৰী, 15 মাৰ্চ:বিজেপিৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশৰ পাছতে উৎফুল্লিত হৈ পৰে বৰক্ষত্ৰী সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী নাৰায়ন ডেকা ৷ বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা টিকট লৈ সমষ্টিলৈ উভতি অহাৰ পিছতে হাজাৰৰো অধিক বিজেপি সমৰ্থকে পুষ্প সজ্জিত বাহনত বাইক ৰেলীৰে আদৰি নিয়ে নাৰায়ণ ডেকাক ৷ টিকট লাভৰ পাছতে পোন প্ৰথমে ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, মোক পুনৰ যোগ্য বুলি ভবাৰ বাবে বিজেপি দলৰ উৰ্ধতম কৰ্তৃপক্ষক বহুত ধন্যবাদ জনালো ৷ নিৰ্বাচনৰ বাবে মই সাজু হৈছো ৷ ইতিমধ্যে ৰোডমেপ প্ৰস্তুত কৰি ৰাখিছো ৷
টিকট লাভৰ পাছতে ইটিভিৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ নাৰায়ণ ডেকাৰ - বিজেপিৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ
বিজেপিৰ মুখ্য কাৰ্যালয়ৰ পৰা টিকট লৈ সমষ্টিলৈ উভতি অহাৰ পিচতে হাজাৰৰো অধিক বিজেপি সমৰ্থকে পুষ্প সজ্জিত বাহনত বাইক ৰেলীৰে আদৰি নিয়ে নাৰায়ণ ডেকাক ৷ টিকট লাভৰ পাচতে পোন প্ৰথমে ইটিভি ভাৰতৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, বিজেপি দলৰ উৰ্ধতম কৰ্তৃপক্ষক বহুত ধন্যবাদ জনালো, মোক পুনৰ যোগ্য বুলি ভবাৰ কাৰনে ৷

বৰক্ষেত্ৰী সমষ্টিত মিত্ৰজোঁটৰ টিকট লাভৰ পাচতে প্ৰতিক্ৰিয়া প্ৰকাশ নাৰায়ণ ডেকাৰ
টিকট লাভৰ পাছতে ইটিভিৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ নাৰায়ণ ডেকাৰ
ইফালে, সংখ্যালঘু ভোটাৰ সন্দৰ্ভত প্ৰাৰ্থী গৰাকীয়ে কয়, উন্নয়নৰ ৰাজনীতিৰ সোৱাদ পাইছে বৰক্ষেত্ৰীৰ ৰাইজে । জাত পাতৰ ৰাজনীতিৰ কাম কৰা নাই আৰু নকৰেও ৷ সমষ্টিতোৰ লগতে চৰাঞ্চলৰ ভোটাৰৰ পৰা যথেষ্ট সহাৰি পাইছে নাৰায়ন ডেকাই ৷ গতিকে প্ৰত্যাহ্বান আহিব পৰা প্ৰাৰ্থী কোনো নাই সমষ্টিটোত ৷ "কা" আন্দোলনৰ সময়ত ১০০ টা জাতীয় সংগঠন আছিল আৰু আজি দুটা বাকী নেপথ্যত আছে ৷
লগতে পঢ়ক:আজি ডিব্ৰুগড়ত নিৰ্বাচনী প্ৰচাৰ চলাব শিৱৰাজ সিং চৌহানে
Last Updated : Mar 15, 2021, 11:15 AM IST