বৰপেটা, 27 ডিচেম্বৰ : বছৰৰ অন্তিম দেওবাৰত নলবাৰী জিলাৰ পাগলদিয়া পাৰৰ কহুৱা ৰিজ'ৰ্ট প্ৰতিদিনে কৰ্মত ব্যস্ত থকা সাংবাদিক সকলে বনভোজ খোৱাৰ লগতে অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰে ।
উক্ত অনুষ্ঠানত জিলাখনৰ ভিন্ন প্ৰান্তৰ সংবাদকৰ্মী উপস্থিত থকাৰ লগতে আৰক্ষী বিষয়া, বিধায়ক অশোক শৰ্মা, কংগ্ৰেছৰ জিলা সভাপতি দিগন্ত বৰ্মন, ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদৰ নেতাকৰ্মীৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লোক উপস্থিত থাকে ।
বছৰৰ অন্তিম দেওবাৰত নলবাৰীৰ কহুৱা ৰিজ'ৰ্ট সাংবাদিক সন্থাৰ অন্তৰংগ আলাপ ইফালে, নলবাৰী জিলা সাংবাদিক সন্থাৰ তৰফৰ পৰা প্ৰতিগৰাকী সাংবাদিকৰ লগতে অনুষ্ঠানটোত উপস্থিত থকা প্ৰতিজনকে নতুন বছৰৰ শুভেচ্ছা জনায় । উপস্থিত প্ৰতিগৰাকী ব্যক্তিকে একোখনকৈ গামোচা, ডায়েৰী আৰু নলবাৰী জিলা সাংবাদিক সন্থাৰ এখনকৈ কেলেণ্ডাৰৰে জনোৱা হয় সম্বৰ্ধনাও ।
বছৰৰ অন্তিম দেওবাৰত নলবাৰীৰ কহুৱা ৰিজ'ৰ্ট সাংবাদিক সন্থাৰ অন্তৰংগ আলাপ উক্ত অনুষ্ঠানৰ আঁতধৰে নলবাৰী জিলা সাংবাদিক সন্থাৰ যুটীয়া সম্পাদক বসন্ত দাসে ।
লগতে পঢ়ক :সৰ্বসন্মতিৰূপে জেডিইউৰ অধ্যক্ষ নিৰ্বাচিত আৰ চি পি সিংহ