নলবাৰী,7 ফেব্ৰুৱাৰী: ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তিৰে নলবাৰী জিলাৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে নলবাৰীৰ এগৰাকী যুৱতীয়ে ৷ নলবাৰী জিলাৰ বুদ্ৰুকুছি গাঁৱৰ এগৰাকী ছাত্ৰীয়ে পত্ৰ শিল্প অৰ্থাৎ গছৰ পাতত ছবি অংকন কৰি ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হয় ৷ শিল্পী পিতৃ ৰমেন শৰ্মাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ যুৱতীগৰাকীয়ে গ্ৰহণ কৰিছিল এই বিশেষ কলা ৷
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত নলবাৰীৰ যুৱতীৰ - ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছ
পত্ৰশিল্প অৰ্থাৎ গছৰ পাতত ছবি অংকন কৰি ইণ্ডিয়ান বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে নলবাৰীৰ এগৰাকী যুৱতীয়ে ৷ প্ৰীতিশা গোস্বামী নামৰ যুৱতীগৰাকীয়ে পিতৃ ৰমেন শৰ্মাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ গ্ৰহণ কৰিছিল এই বিশেষ কলা ৷
![ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত নলবাৰীৰ যুৱতীৰ ইণ্ডিয়া বুক অব ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিলে নলবাৰীৰ যুৱতীয়ে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10532280-thumbnail-3x2-gnhj.jpg)
ইণ্ডিয়া বুক অব ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিলে নলবাৰীৰ যুৱতীয়ে
ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত নলবাৰীৰ যুৱতীৰ
অতি দৰিদ্ৰ পৰিয়ালৰ প্ৰীতিশা নামৰ যুৱতীগৰাকীয়ে গছৰ পাতত বিভিন্ন ব্যক্তিৰ নামৰ লগতে ভিন্ন প্ৰতিষ্ঠান আৰু জীৱ-জন্তুৰ ছবিৰ লগতে থলুৱা কিছু সামগ্ৰীৰ ছবি অংকন কৰি সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল ৷ প্ৰতিভা সম্পন্ন যুৱতীগৰাকীলৈ কিছুদিন পূৰ্বে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছ কৰ্তৃপক্ষই বঁটা প্ৰেৰণ কৰিছে । প্ৰীতিশাৰ এই সফলতাত পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলবাসী আনন্দিত হৈ পৰিছে ৷
লগতে পঢ়ক:সংখ্যালঘু মৰ্চাৰ কৰ্মীৰ বাবে বিজেপিৰ বিশেষ প্ৰশিক্ষণ