অসম

assam

By

Published : May 6, 2021, 7:51 PM IST

ETV Bharat / state

নলবাৰীৰ এটা হত্যাকাণ্ড: আইতাকলৈ নাতিয়েকৰ চৰম উপহাৰ

পশ্চিম নলবাৰী জিলাৰ পূৰ্ণিত জঘন্য ঘটনা ৷ দুমাহ পিছত মাতি খাণ্ডি উলিওৱা হ'ল দুই নাতিয়ে হত্যা কৰা বৃদ্ধাৰ মৃতদেহ ৷ দুই হত্যাকাৰীয়ে গাঁওবাসীৰ আগত হত্যা কৰাৰ সমগ্ৰ ঘটনাৰ দিলে বিৱৰণী ৷

নলবাৰীৰ এটা হত্যাকাণ্ড: আইতাকলৈ নাতিয়েকৰ চৰম উপহাৰ
নলবাৰীৰ এটা হত্যাকাণ্ড: আইতাকলৈ নাতিয়েকৰ চৰম উপহাৰ

নলবাৰী,6মে' :পশ্চিম নলবাৰীৰ পূৰ্ণিত সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ঘটনা । পুত্ৰ , নাতিয়ে মিলি হত্যা কৰিলে বৃদ্ধাক । হত্যা কৰি পুতি থলে নদীৰ পাৰত । দুমাহ ধৰি বৃদ্ধা গৰাকীৰ সন্ধান নোহোৱাত গাঁওসভা পাতি ৰাইজে উদ্ধাৰ কৰিলে সকলো তথ্য । মৃত্যুৰ দুমাহ পিছত মাটি খাণ্ডি উলিওৱা হ'ল বৃদ্ধা গৰাকীৰ মৃতদেহ ।

ঘটনাৰ বিৱৰণি অনুসৰি, দুমাহ ধৰি কণোবালা বৰ্মন নামৰ বৃদ্ধা গৰাকী সন্ধানহীন হৈ থকাত ৰাইজৰ সন্দেহ উপজিছিল । এই সন্দেহৰ ভিত্তিত বুধবাৰে ৰাইজে এখন ৰাইজমেল আয়োজন কৰে আৰু এই ৰাইজমেলতে হত্যা কৰাৰ কথা ৰাইজৰ আগত স্বীকাৰ কৰে দুই নাতিনীয়েক ক্ৰমে পুত্ৰ হৰেন বৰ্মন আৰু প্ৰদীপ বৰ্মনে ৷

নলবাৰীৰ এটা হত্যাকাণ্ড: আইতাকলৈ নাতিয়েকৰ চৰম উপহাৰ

ইপিনে, দুই হত্যাকাৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, পিতৃ উপেন বৰ্মনৰ নিৰ্দেশত আইতাক কণোবালা বৰ্মনক হত্যা কৰি বুঢ়াদিয়া নদীৰ জুৱলীত মাটিত পুতি থৈছিল। পিছত বুধবাৰে নিশাই বেলশৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ধৃত উপেন বৰ্মন, হৰেন বৰ্মন, প্ৰদীপ বৰ্মনক আটক কৰে আৰু বুঢ়াদিয়া নদীৰ পাৰত পুতি থোৱা স্থান চিনাক্ত কৰে । অৱেশেষত মৃত্যুৰ দুই মাহৰ পিচত বৃহস্পতি বাৰে দণ্ডাধীশৰ উপস্থিতিত মাতি খাণ্ডি বৃদ্ধা কণোবালা বৰ্মনৰ মৃতদেহ উদ্ধাৰ কৰে বেলশৰ আৰক্ষীয়ে ৷ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰী শ্বহীদ মকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । বৰ্তমান মৃত বৃদ্ধা কণোবালা বৰ্মনৰ হত্যাকাৰী পুত্ৰ উপেন বৰ্মন নাতি হৰেন বৰ্মন আৰু প্ৰদীপ বৰ্মনক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

অন্য এক খবৰৰ বাবে: মুখ্যমন্ত্ৰী কোন: ৰেণুপমাৰ চিঠিয়ে জোকাৰিছে অগপ

ABOUT THE AUTHOR

...view details