নলবাৰী, 26 ছেপ্তেম্বৰ : নলবাৰীৰ এগৰাকী প্ৰতিভাৱান যুৱতী ৷ ন-পুৰণি গীত নতুন শৈলীৰে উপস্থাপন কৰি ছ’চিয়েল মিডিয়াত জনপ্ৰিয়তা লাভ কৰিছে যুৱতীগৰাকীয়ে ৷ ‘দুহাততে দিছা মোক ফুল’, ‘গধূলি আহিল’, ‘হিয়া দিয়া নিয়া’ আদি বহু অসমীয়া ন-পুৰণি গীত নিজ শৈলীৰে উপস্থাপন কৰি ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে যুৱতীগৰাকী ৷
এই যুৱতীগৰাকী হৈছে নলবাৰীৰ অময়াপুৰ গাঁও নিৱাসী জোতিষ বৈশ্য আৰু মাতৃ বিচিত্ৰা বৈশ্যৰ কন্যা চয়নিকা বৈশ্য(Chayanika Baishya) ৷ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে চয়নিকাই কণ্ঠ নিগৰোৱা ইটোৰ পাচত সিটো গীত ৷ সৰুৰে পৰা সংগীতৰ প্ৰতি আকৃষ্ট চয়নিকাই নিজ ঘৰতে সংগীতৰ বাতাবৰণ লাভ কৰি আহিছে ৷
নিজ ঘৰতেই সংগীতৰ প্ৰয়োজনীয় ব্যৱস্থাপনা কৰি লৈছে কণ্ঠশিল্পীগৰাকীয়ে ৷ চয়নিকাৰ এই যাত্ৰাত সহায় আগবঢ়াইছে পিতৃ-মাতৃ আৰু ককায়েকে ৷ একক গীতৰ লগতে ককায়েকৰ সৈতেও দ্বৈতভাৱে গীত ৰেকৰ্ড কৰিছে চয়নিকাই ৷ গৃহ জিলা নলবাৰীতে সংগীতৰ শিক্ষা লাভ কৰা এইগৰাকী উচ্চশিক্ষিত যুৱতীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰিয়েলিটি শ্ব’কে ধৰি বিভিন্ন সংগীতৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি বহু পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে ।