অসম

assam

ETV Bharat / state

শামুকৰ পেটৰ মুকুতা বিচাৰি এতিয়া আৰু যাব নালাগে সাগৰলৈ - Demand of pearl

মুকুতা বিচাৰি দুনাই সমুদ্ৰতীৰলৈ যোৱাৰ প্ৰয়োজন নাই ৷ আপোনাৰ ঘৰত থকা সৰু পুখুৰীটোতে এতিয়া আপুনি কৰিব পাৰিব মুকুতাৰ খেতি ৷

Farming of pearl in Assam
মুকুতা বিচাৰি যাব নেলাগে সাগৰলৈ

By

Published : Jan 5, 2022, 9:20 PM IST

Updated : Jan 6, 2022, 4:33 PM IST

নলবাৰী, 5 ডিচেম্বৰ : এইখনে অসমতে সম্ভৱপৰ হৈছে মুকুতাৰ খেতি (Farming of pearl in Assam)৷ আপোনাৰ শুনি আচৰিত যেন লাগিলেও অসম মুলুকত এয়া এতিয়া সম্ভৱ ৷ আপোনাৰ ঘৰত থকা সৰু পুখুৰীটোতে এতিয়া আপুনি কৰিব পাৰিব মুকুতাৰ খেতি ৷ সাধাৰণতে সমুদ্ৰতীৰত উপলব্ধ মুকুতাৰ আছে যথেষ্ট চাহিদা (Demand of pearl) ৷

মুকুতা বিচাৰি যাব নেলাগে সাগৰলৈ

এই চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া চীন, ভিয়েটনাম, বাংলাদেশকে ধৰি বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰই মুকুতা উৎপাদনত গ্ৰহণ কৰি আহিছে এক বিশেষ ভূমিকা ৷ শেহতীয়াকৈ ভাৰততো বহুকেইখন ৰাজ্যত সফলতাৰে মুকুতাৰ খেতি কৰি লাভ কৰিছে যথেষ্ট সমাদৰ ৷ ইয়াৰ ভিতৰত ৰাজস্থান, ওড়িশা আদি কেইবাখনো ৰাজ্য হৈছে অন্যতম ৷

মুকুতা বিচাৰি যাব নেলাগে সাগৰলৈ

অতি কম মূলধন বিনিয়োগ কৰি এই খেতিৰ জড়িয়তে উপাৰ্জন কৰিব পাৰি লক্ষাধিক টকা ৷ কেইটিমান বিশেষ প্ৰদ্ধতি অৱলম্বন কৰিলেই এবছৰৰ অন্তত আপোনাৰ পুখুৰীটোৰ পৰাই উৎপাদন হ’ব বৰ্তমানৰ সমাজত যথেষ্ট চাহিদা থকা মুকুতা (Processes of Pearl farming)৷ সেই কামকেই এতিয়া বাস্তৱত ৰূপায়ন কৰি দেখুৱাইছে অসমৰ এগৰাকী যুৱকে ৷

শামুকৰ পেটৰ মুকুতা বিচাৰি এতিয়া আৰু যাব নালাগে সাগৰলৈ

মুকুতাৰ খেতিৰে স্বাৱলম্বী হ’বলৈ প্ৰয়াস কৰা এইগৰাকী যুৱক হৈছে নলবাৰীৰ পকোৱাৰ সঞ্জীৱ দত্ত ৷ প্ৰায় দুবছৰ পূৰ্বৰে পৰা সঞ্জীৱ দত্তই কৰি আহিছে এই খেতি ৷ 2019 চনত পৰীক্ষামূলকভাৱে মুকুতাৰ খেতি কৰিবলৈ আৰম্ভ কৰা সঞ্জীৱে এই খেতিৰ প্ৰতি আকৰ্ষিত হয় ৷

মুকুতা বিচাৰি যাব নেলাগে সাগৰলৈ

এটা শামুকৰ পৰা উৎপাদন হয় দুটাকৈ মুকুতা ৷ প্ৰথমে সংগ্ৰহ কৰা কাণখোলা শামুকৰ এক বিশেষ অস্ত্ৰোপচাৰ কৰি পুখুৰীত এৰি দিয়া হয় ৷ ইয়াৰ পিছত এবছৰৰ অন্তত শামুকৰ খোলাৰ ভিতৰত উৎপাদন হয় এই বহুমূলীয়া মুকুতা ৷

দীৰ্ঘদিনৰ পৰা সংবাদ ক্ষেত্ৰৰ লগতো জড়িত থকা নলবাৰীৰ সঞ্জীৱ এতিয়া জিলাখনৰ একাংশ শিক্ষিত নিবনুৱাৰ বাবে হৈ পৰিছে এগৰাকী আদৰ্শ খেতিয়ক ৷ মুকুতা খেতিৰে স্বাৱলম্বিতাৰ পথ উলিওৱা সঞ্জীৱ দত্তৰ এই প্ৰচেষ্টাক সকলোৱে লৈছে শলাগ ৷

লগতে পঢ়ক :পূৰ্ণাংগ মন্ত্ৰী পৰিষদে পৰিচালনা কৰা অসমৰ এখন ব্যতিক্ৰমী গাঁও

Last Updated : Jan 6, 2022, 4:33 PM IST

ABOUT THE AUTHOR

...view details