নলবাৰীত খহিল কাঠৰ দলং; যাতায়ত ব্যাহত - nalbari-wooden-bridge
পাটাছাৰকুছি সমষ্টিৰ বালাট্টাৰী-বৈৰাগী সংযোগী কালদিয়া নৈৰ কাঠৰ দলং শুকুৰবাৰে খহি পৰাত সমস্যাৰ সন্মুখীন প্ৰায় কেবাখনো গাঁৱৰ লোক ৷ বিভাগীয় কৰ্তৃপক্ষক ৰাইজে উক্ত দলংখন শীঘ্ৰে মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে ।
নলবাৰী,20জুলাইঃ বছৰ বছৰ ধৰি কোনো ধৰণৰ মেৰামতি নকৰাৰ ফলত পাটাছাৰকুছি সমষ্টিৰ বৈৰাগী আৰু বালাট্টাৰীৰ মাজত কালদিয়া নৈৰ ওপৰত থকা কাঠৰ দলংখন ভাঙি পৰাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ কেবাখনো গাঁৱৰ যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে । কালদিয়া নৈৰ বাঢ়নী পানীয়ে দলংখন ভাঙি পেলোৱাত এতিয়া ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে ৷ উল্লেখ্য যে বছৰ বছৰ ধৰি স্থানীয় ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰি আহিছিল এই কাঠৰ দলংখন ৷ কিন্তু সম্পূৰ্ণ ৰূপে পচি যোৱা কাঠৰ দলংখন শুকুৰবাৰে আবেলি হঠাৎ পানীত খহি পৰে ৷ ফলত পূব পাৰৰ কেবাখনো গাঁৱৰ যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰিছে ৷ বিভাগীয় কৰ্তৃপক্ষক ৰাইজে উক্ত দলংখন শীঘ্ৰে মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ দাবী জনাইছে ।