নলবাৰী, ৪ মাৰ্চ: নলবাৰীৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত (Nalbari Vivekananda Kendriya Vidyalaya)অঘটন সংঘটিত হৈছে ৷ এগৰাকী কনিষ্ঠ ছাত্ৰৰ প্ৰহাৰত আহত হ’ল একে বিদ্যালয়ৰে এজন জ্যেষ্ঠ ছাত্ৰ (VKV Student fight) । বিতৰ্কৰ পিচত বিতৰ্কই লগ নেৰা হৈছে নলবাৰীস্থিত বালিকৰিয়াস্থিত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত (Tense situation for Student Fight)৷
বৰ্তমান সময়ত বিদ্যালয়খনত চলি আছে পৰীক্ষা ৷ কিন্তু পৰীক্ষাৰ মাজতে কোনো কথাকলৈ একেটা কোঠাতে দুজন ছাত্ৰৰ মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ তাৰ পিচত সপ্তমামান শ্ৰেণীৰ ছাত্ৰজনৰ হাতত শাৰীৰিকভাৱে প্ৰহৃত হোৱাৰ অভিযোগ উত্থাপন কৰে অষ্টম শ্ৰেণীৰ ছাত্ৰগৰাকীয়ে ৷
আনহাতে ভুক্তোভোগী পিতৃৰ অভিযোগ অনুসৰি বিদ্যালয়খনত পৰীক্ষা আৰম্ভ নৌহওঁতেই দুয়োজন ছাত্ৰৰ মাজত মাৰপিটৰ ঘটনা হৈছিল ৷ তাৰ পিচতে কনিষ্ঠ ছাত্ৰগৰাকীৰ ঠেলাত বেৰত লাগি মূৰত ৰক্তক্ষৰণ হয় জ্যেষ্ঠ ছাত্ৰজনৰ ৷ কিন্তু বিদ্যালয় কৰ্তৃপক্ষই আহত ছাত্ৰজনক বিদ্যালয়ৰ ভিতৰতে প্ৰাথমিক চিকিৎসা কৰি ঘৰৰ পৰিয়ালক নজনোৱাকৈ ঘৰলৈ পঠিয়াই দিয়ে ৷ আহত ছাত্ৰজন ঘৰত গৈ পোৱাৰ পিচতে মাতৃয়ে ছাত্ৰজনৰ ছাৰ্টত তেজ দেখি মূৰত ফটাৰ চিন পৰিলক্ষিত কৰে ৷ লগে লগে ছাত্ৰজনৰ পিতৃক ঘটনা অৱগত কৰে আহত ছাত্ৰজনে ৷