নলবাৰী,25জুলাইঃ শুকুৰবাৰে নলবাৰীত ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা উপস্থিত হৈ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত থকা কোভিড ৰোগীৰে বাৰ্তালাপ কৰে । ইফালে মন্ত্ৰী গৰাকীয়ে চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ কৰি অহা দল সংগঠনৰ বিৰুদ্ধে সোচ্ছাৰ হৈ মন্তব্য কৰে যে ''ওকণিৰ ভয়ত চুলি খুৰোৱা ব্যক্তি আৰু আৰ টি আই মাৰি ব্লেকমেইলিং কৰা পাবত গজা সংগঠনক আমি ভয় নকৰো । মৃতদেহৰ ওপৰেদি গৈ আমি ৰাজনীতি নকৰো বুলি কৈ এই ৰাজনীতি কংগ্ৰেছে হে কৰে বুলি সদৰি কৰে ৷
নলবাৰীত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ দল সংগঠনক কটাক্ষ - মন্ত্ৰী পিযুষ হাজৰিকাৰ দল সংগঠনক কটাক্ষ
ওকণিৰ ভয়ত মুৰৰ চুলি খুৰোৱা ব্যক্তি নহয় আমি। পাবত গজা, ব্লেকমেইলিং কৰা সংগঠনক আমি ভয় নকৰোঃ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা ।
আনহাতে মন্ত্ৰীগৰাকী চিকিৎসালয়খনত উপস্থিত হোৱাত একাংশ ক'ভিড ৰোগীয়ে খাদ্য, চিকিৎসা সন্দৰ্ভত বেমেজালিৰ অভিযোগ তুলি মন্ত্ৰীগৰাকীৰ হস্তক্ষেপ দাবী কৰে। ইপিনে মন্ত্ৰীগৰাকীয়ে বিষয়টোৰ সন্দৰ্ভত আলোচনা কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে অভিযোগকাৰী সকল । উল্লেখযোগ্য যে , মন্ত্ৰীগৰাকী চিকিৎসালয়খনত উপস্থিত হোৱাত তেওঁক সংগ দিয়ে বিধায়কদ্বয় অশোক শৰ্মা, নাৰায়ণ ডেকা,পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্তমল্ল বৰুৱা আৰু সাংসদ দিলীপ শইকীয়াই।
লগতে পঢ়কঃ ড্ৰ'ন ব্যৱহাৰৰ জৰিয়তে অধিক শক্তিশালী হ'ব বন্যপ্ৰাণীৰ সুৰক্ষা ব্যৱস্থা