নলবাৰী,28জুনঃ দেওবাৰে নলবাৰীৰ কঠোৰাত বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী তথা প্ৰবীণ কংগ্ৰেছী ৰমেশ পাটোৱাৰীক ৰাজহুৱা ভাৱে সম্বৰ্ধনা জনাবলৈ আয়োজিত এখনি ৰাজহুৱা সম্বৰ্ধনা সভাত অংশ লৈ সাংবাদিকৰে মুখামুখি হৈ এক বিস্ফোৰক মন্তব্য কৰে দেৱব্ৰত শইকীয়াই। তেওঁ কৰ'নাক লৈ বিজেপি চৰকাৰে ৰাজনীতি কৰা বুলি অভিযোগ কৰি কয় যে, চৰকাৰে পৰিকল্পনাহীন ভাৱে সকলো সিদ্ধান্ত গ্ৰহণ কৰিছে।
কোভিদ-১৯ৰ সংক্ৰমণ ৰোধ কৰিব পৰা নাই চৰকাৰেঃ দেবব্ৰত শইকীয়া
গুৱাহাটীত ৰাজহুৱা সংক্ৰমণ হোৱা নাই বুলি কোৱা চৰকাৰে লক ডাউন দি কি বুজাইছে ৷ লক-ডাউনে দি চৰকাৰে ৰাইজৰ ওপৰত অত্যাচাৰ কৰিছে বুলি মন্তব্য কৰে অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ৷
আনহাতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্বই কোৱাৰেন্টাইন হ'ব লাগে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত বিৰোধী দলপতি গৰাকীয়ে কোৱাৰেন্টাইন ন'হবলৈ কি কৰিব লাগে সেইটো হিমন্ত বিশ্বই জানে বুলি উল্লেখ কৰে। তেওঁ সাংসদ গৌৰৱ গগৈ মণিপুৰত কোৱাৰেন্টাইন হৈ থকা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উল্লেখ্য যে, প্ৰবীণ কংগ্ৰেছী ৰমেশ পাটোৱাৰীক ৰাজহুৱা সম্বৰ্ধনা জনাবলৈ তেওঁৰ কঠোৰাস্থিত বাসগৃহত আয়োজিত সভাত বিৰোধী দলপতি গৰাকীক সংগ দিয়ে কংগ্ৰেছ নেতা প্ৰদ্যুৎ ভূঞা ,ৰাতুল পাটোৱাৰী,দিব্যজোতি হালৈকে ধৰি কেবাজনো নেতাই।
লগতে পঢ়কঃ বুঢ়াদিয়া-পাগলাদিয়া নৈৰ বানৰ কবলত নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল