নলবাৰী, 29 আগষ্টঃনলবাৰীৰ ব্যক্তিগত বিদ্যালয়ত সুৰক্ষিত নহয় ছাত্ৰ ছাত্ৰী ৷ বিদ্যাঞ্চল নামৰ ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰক প্ৰহাৰ ৷ সমগ্ৰ দৃশ্য বন্দী হ'ল CCTV কেমেৰাত ৷ বিদ্যালয়খনত সংঘটিত এই ঘটনা ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাচতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলত ৷ নলবাৰীৰ বৰকুৰাত থকা বিদ্যাঞ্চল বিদ্যালয়ৰ এগৰাকী সহপাঠীক আন কেইজনমান সহপাঠীয়ে বিনা কাৰণত প্ৰহাৰ কৰা দৃশ্য CCTV কেমেৰাত বন্দী হয় ৷ 19 আগষ্টত সংঘটিত এই ঘটনাৰ পাচতে বৃহস্পতিবাৰে বিদ্যালয়খনত উপস্থিত হয় নলবাৰীৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক ৷
কিমান সুৰক্ষিত ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী! - ছাত্ৰ-ছাত্ৰী
নলবাৰীৰ বৰকুৰাত থকা বিদ্যাঞ্চল বিদ্যালয়ৰ এগৰাকী সহপাঠীক আন কেইজনমান সহপাঠীয়ে বিনা কাৰণত প্ৰহাৰ কৰাৰ দৃশ্য CCTV কেমেৰাত বন্দী হয়
কিমান সুৰক্ষিত ব্যক্তিগত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী!
আনহাতে, ঘটনা সংঘটিত হোৱাৰ দিনাই বিদ্যালয় কৰ্তৃপক্ষই ঘটনাৰ লগত জড়িত দুগৰাকী ছাত্ৰক বিদ্যালয়ৰ পৰা বাধ্যতামূলক বদলিৰ নিৰ্দেশ দিছে বুলি জানিব দিয়ে বিদ্যালয় কৰ্তৃপক্ষই ৷