নলবাৰীৰ ভুনুকুছিত বিষ্ণু মন্দিৰৰ আধাৰশিলা স্থাপন - Etv Bharat
নলবাৰী জিলাৰ পূৱ প্ৰান্তত অৱস্থিত ভুনুকুছি গাঁৱত বৃহস্পতিবাৰে বিষ্ণু মন্দিৰৰ আধাৰশিলা স্থাপন কৰা হয় । মঙলদৈ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী দিলীপ শইকীয়াই অনুষ্ঠানত উপস্থিত থাকি শিল্যন্যাস কৰে ।
নলবাৰীৰ ভুনুকুছিত বিষ্ণু মন্দিৰৰ আধাৰশিলা স্থাপন
নলবাৰী, 10 মে' : বিষ্ণু মন্দিৰৰ আধাৰশিলা স্থাপনৰ পূৰ্বে পুৱা গাওঁবাসীয়ে মাঙ্গলিক ৰীতি নিয়ম অনুসৰি পূজা অৰ্চনা কৰে । আধাৰশিলা স্থাপন অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰকৃতিক সেউজ কৰি ৰখাৰ উদ্দেশ্য এক বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ বৃক্ষৰোপণ কাৰ্যসূচী মুকলি কৰে গাওঁখনৰ জ্যেষ্ঠ ব্যক্তি তথা সমাজকৰ্মী হৰমোহন ডেকাই । অনুষ্ঠানত গাওঁখনৰ 96 গৰাকী জোঁৱাইক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানটোৰ আঁত ধৰে ভুনুকুছি গাঁৱৰ সম্পাদক সনাতন ডেকাই ।