নলবাৰী, 9 মে'ঃ দীঘলীয়া লক্ ডাউনৰ ফলত আটাইটকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দেশৰ শ্ৰমিক শ্ৰেণী ৷ উপাৰ্জনৰ সকলো পথ বন্ধ হৈ পৰাৰ ফলত দৈনিক হাজিৰা কৰি পেট প্ৰৱতোৱা সকলৰ পানীত হাঁহ নচৰা আৱস্থাৰ সৃষ্টি হৈছে ৷ চৰকাৰ, হৃদয়বান ব্যক্তি অথবা বিভিন্ন দল-সংগঠনে তেনে লোকক অত্যাৱশ্যকীয় সামগ্ৰীৰে সহায় কৰাৰ চেষ্টা কৰিছে যদিও সেয়া তেওঁলোকৰ বাবে পৰ্যাপ্ত হোৱা নাই ৷ ফলত পৰিয়ালৰ ভাতমুঠি যোগাৰ কৰিব নোৱাৰি জীৱন সংগ্ৰাম চলাই যাবলৈ মানসিক শক্তি হেৰুৱাই পেলাইছে এইসকল শ্ৰমিকে ৷
শুকুবাৰে নলবাৰী জিলাত সংঘটিত হ'ল তেনে এক হৃদয়বিদাৰক ঘটনা ৷ লক্ ডাউনৰ ফলত উপাৰ্জনৰ পথ ৰুদ্ধ হৈ পৰা এগৰাকী ৰিক্সা চালকে ল'লে চৰম সিদ্ধান্ত ৷ পৰিয়ালৰ বাবে পেটৰ ভাত মুঠি যোগাৰ কৰিবলৈ অসমৰ্থ হৈ পৰা এগৰাকী ৰিক্সা চালকে বাচি ল'লে আত্মহত্যাৰ পথ ৷
ঘটনাৰ বিৱৰণী অনুসৰি, নলবাৰী জিলাৰ গুৱাকুছি গাঁৱৰ যোগেন দাস নামৰ লোকজনে নলবাৰী চহৰৰ মাজমজিয়াৰ সোনপুৰত বহুবছৰ ধৰি ভাৰতীয় হিচাপে থাকি ৰিক্সা চলাই জীৱন নিৰ্বাহ কৰি আছিল ৷ কিন্তু দেশত আৰম্ভ হোৱা লকডাউনৰ পৰিপ্ৰেক্ষিতত বন্ধ হৈ পৰে উপাৰ্জনৰ পথ ৷ ফলত উপায়ন্তৰ হৈ শুকুৰবাৰে আবেলি প্ৰায় ৪.৩০ বজাত ঘৰতে চিপ লৈ আত্মহত্যা কৰে লোকজনে ৷
আত্মহত্যাৰ পথ বাছি ল'লে ৰিক্সা চালকে স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, যোগেন দাস নামৰ লোকজনে প্ৰথম পত্নীৰ মৃত্যু হোৱাত দ্বিতীয় বাৰ বিবাহ পাশত আৱদ্ধ হয় ৷ প্ৰথম পত্নীৰ 3 সন্তানৰ লগতে দ্বিতীয় পত্নীৰ এটা সন্তানেৰে 6 জনীয়া পৰিয়ালটোৰ অভাৱবোৰ পূৰণ কৰিবলৈ লক্ ডাউনৰ সময়ছোৱাত যথেষ্ট অসুবিধাৰ সন্মুখিন হৈছিল লোকজন ৷ অভাৱ-অনাটনৰ বাবেই প্ৰায়েই কাজিয়াৰ সূত্ৰপাত হৈছিল পতি-পত্নীৰ মাজত ৷ শুকুৰবাৰেও পত্নীৰ সৈতে তৰ্কত লিপ্ত হৈছিল যোগেন দাস ৷ ফলত, মানসিক ভাৰসম্য হেৰুৱাই আত্মহত্যাৰ চূড়ান্ত পথ বাচি ল'লে বুলি সন্দেহ ব্যক্ত কৰিছে স্থানীয় লোকে ৷