নলবাৰী, 17 ফেব্ৰুৱাৰী:অসম চৰকাৰৰ পৰা স্কুটি নাপালে সমাগত অসম বিধানসভা নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিছে নলবাৰীৰ একাংশ ছাত্ৰীয়ে ৷ বুধবাৰে নলবাৰী জিলাৰ সুধাকন্ঠ ড৹ ভূপেন হাজৰিকা শিশু উদ্যানৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি 20 ফেব্ৰুৱাৰীৰ ভিতৰত স্কুটী প্ৰদান কৰাৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দাবী উত্থাপন কৰিছে প্ৰতিবাদী ছাত্ৰী সকলে ৷
উল্লেখ্য যে, প্ৰজ্ঞান ভাৰতী আৰু জ্ঞান দিপীকা আঁচনি 2019 জৰিয়তে উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগ পোৱা ছাত্ৰী সকলক স্কুটি দিয়াৰ বাবে ৰাজ্য চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ উক্ত আঁচনিৰ জৰিয়তে ইতিমধ্যে বহু ছাত্ৰীয়ে একোখনকৈ স্কুটি লাভ কৰিবলৈ সক্ষম হ'ল যদিও প্ৰথম বিভাগ লাভ কৰিও বহু ছাত্ৰী স্কুটি লাভ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷