নলবাৰী, ৩০ জুন: সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত নলবাৰীৰ মুকালমুৱাৰ উপাস্মিতা ডেকাই বৰগীত বিষয়ত লাভ কৰে ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ(Nalbari student Upasmita Deka get the highest marks in Bargeet) । উপাস্মিতাই নলবাৰীৰ শংকৰদেৱ একাডেমীৰ(Sankardev Academy in Nalbari) পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত অৱৰ্তীণ হৈছিল ৷ তেওঁ মুকালমুৱা দমদমাৰ ডিম্বেশ্বৰ ডেকাৰ কন্যা ৷ উপাস্মিতাই বৰগীত বিষয়ত সৰ্বোচ্চ ৯১ নম্বৰ লাভ কৰে ।
উপাস্মিতাই মহাপুৰুষ দুজনৰ সৃষ্টিৰাজিৰ বিষয়ত ৰাজ্যৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰাত সমগ্ৰ অঞ্চলবাসীৰ লগতে তেওঁৰ পৰিয়ালৰ লোকৰ মাজত আনন্দৰ বন্য়া বৈছে । ছাত্ৰীগৰাকীয়ে বৰগীত বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰাৰ লগতে মুঠ ৪১৪ নম্বৰ লাভ কৰি প্ৰথম বিভাগত উত্তীৰ্ণ হয় । উপাস্মিতা এগৰাকী সংগীত শিল্পী হিচাপেও পৰিচিত ।