অসম

assam

By

Published : Sep 11, 2019, 6:14 PM IST

ETV Bharat / state

পূব নলবাৰী শিক্ষাখণ্ডত অৰাজকতা; অভিভাৱক-ৰাইজৰ প্ৰতিবাদ

পূব নলবাৰী শিক্ষাখণ্ডত অৰাজকতা । শিক্ষকৰ অভাৱত শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী । ৰাজপথলৈ ওলাল অভিভাৱক ৰাইজ ।

পূব নলবাৰী শিক্ষাখণ্ডত অৰাজকতা

নলবাৰী,11ছেপ্টেম্বৰঃ নলবাৰীৰ পূব নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত বহু সংখ্যক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শিক্ষকৰ নাটনিয়ে অৰাজক পৰিবেশৰ সৃষ্টি কৰিছে । যাৰ বাবে উপযুক্ত শিক্ষাগ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে শ শ ছাত্ৰ-ছাত্ৰী। বুধবাৰে পূব নলবাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ক্ষুদ্ৰকটৰা প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্থাৰ বাবে অতিষ্ঠ হৈ অভিভাৱক ৰাইজে ৰাজপথ উত্তাল কৰি তোলে । বিদ্যালয়খনত 6 টা শ্ৰেণীত ৭০ গৰাকী ছাত্ৰ-ছাত্ৰী আছে যদিও পৰিতাপৰ বিষয় যে প্ৰধান শিক্ষয়িত্ৰী সহ সহঃ শিক্ষক আছে মাত্ৰ দুগৰাকী ।

পূব নলবাৰী শিক্ষাখণ্ডত অৰাজকতা

ইপিনে বিগত দুয়োটা বৰ্ষতে গুণোৎসৱত 'এ+' গ্ৰেড লাভ কৰা বিদ্যালয়খনৰ পৰা প্ৰতি বছৰে দুই-তিনি গৰাকীকৈ ছাত্ৰ-ছাত্ৰীয়ে বৃত্তি লাভ কৰি আহিছে । কিন্তু শৈক্ষিক ক্ষেত্ৰত বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা বিদ্যালয়খনত শেহতীয়া ভাবে শিক্ষকৰ অভাৱে শিক্ষাদানত বাধাৰ সৃষ্টি কৰিছে । যাৰ ফলত উপযুক্ত শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে ছাত্ৰ-ছাত্ৰী । উল্লেখ্য যে বিদ্যালয়ৰ এনে গুৰুতৰ সমস্যা সমাধানৰ বাবে বিগত সময়চোৱাত বহুবাৰ স্থানীয় বিধায়ক আৰু জিলা উপায়ুক্তক পৃথকে পৃথকে আবেদন দাখিল কৰি আহিছে স্থানীয় ৰাইজ তথা অভিভাৱকসকলে । কিন্তু কোনো সুফল লাভ নকৰাত অতিষ্ঠ অভিভাৱক ৰাইজে বুধবাৰে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে ।

ABOUT THE AUTHOR

...view details