নলবাৰী,1 নৱেম্বৰঃ আপুনি ৰাজপথত হয়টো বহু 'প্ৰভুভক্ত' কুকুৰ দেখিবলৈ পায় ৷ পিচে নিশাৰ ৰাজপথৰ অতন্দ্ৰ প্ৰহৰী এই প্ৰাণীবিধৰ বিষয়ে এবাৰ ভাবেনে ? আপোনাক,মোক আৰু বিভিন্নজনক নিশা পহৰা দিয়া এই প্ৰভুভক্ত প্ৰাণীবিধে ভোকে-লঘোণে থাকি সকলোকে সুৰক্ষা দিয়ে। পিচে নলবাৰীত দেখা পোৱা গ'ল এখন বিপৰীত ছবি। নিশা পথৰ দাঁতিত থকা কুকুৰক এসাজ খুৱাবলৈ ওলাই আহিল এটা বেচৰকাৰী সংস্থা ।
নলবাৰীৰ পদ পথৰ কুকুৰক খাদ্যৰ যোগান স্বেচ্ছাসেৱী সংগঠনৰ - nalbari street dog feeding
প্ৰভুভক্ত কুকুৰ নিশাৰ ৰাজপথৰ অতন্দ্ৰ প্ৰহৰী । ভোকে-লঘোণে থাকি সকলোকে সুৰক্ষা দিয়া এইবিধ প্ৰাণীক আহাৰ খুৱাবলৈ ওলাই আহিল ইন্দ্ৰধনু বিকাশ মঞ্চ ৷
![নলবাৰীৰ পদ পথৰ কুকুৰক খাদ্যৰ যোগান স্বেচ্ছাসেৱী সংগঠনৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4925968-thumbnail-3x2-k.jpg)
নলবাৰীত জীৱশ্ৰেষ্ঠৰ উৎকৃষ্ট নিদৰ্শন
নলবাৰীত জীৱশ্ৰেষ্ঠৰ উৎকৃষ্ট নিদৰ্শন
লগতে পঢ়কঃৰাস উদযাপনৰ বাবে সাজু হৈছে মাজুলীবাসী
জীৱকুলৰ বিষয়ে চিন্তা কৰিবলৈ নলবাৰীত ওলাই আহিছে এচাম ডেকা গাভৰু। এটি স্বেচ্ছাসেৱী অনুষ্ঠানৰ জৰিয়তে এওঁলোকে বাটৰ কুকুৰক খুৱাইছে খাদ্য । ইন্দ্ৰধনু বিকাশ মঞ্চৰ সৌজন্যত নলবাৰী চহৰ এলেকাৰ ভিন্ন প্ৰান্তত নিশাৰ প্ৰহৰী জীৱ কুলৰ মাজত খাদ্য বিতৰণ কৰে বেচৰকাৰী সংস্থাটোৱে ৷