নলবাৰী, ২৯ জুন:নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শকৰ বিৰুদ্ধে উত্থাপিত হৈছে থানাৰ ভিতৰতে এগৰাকী কিশোৰীৰ নগ্ন ফটো তোলাৰ চাঞ্চল্যকৰ অভিযোগ ৷ এই সন্দৰ্ভত নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে বৃহস্পতিবাৰে বিয়লি সম্বোধন কৰে এখন সংবাদমেল । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ টুইটৰ পিচতে গা লৰিছে নলবাৰী আৰক্ষীৰ ।
ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষী থানাত গোচৰ ৰুজু কৰাই ইতিমধ্যে অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈক সমগ্ৰ তদন্ত প্ৰক্ৰিয়া অৰ্পন কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক সুধাকৰ সিঙে । ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে মাত্ৰ এদিনৰ ভিতৰতে তদন্ত প্ৰক্ৰিয়া দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে অধিক তৎপৰ হোৱা পৰিলক্ষিত হৈছে নলবাৰী আৰক্ষী ।
২১ জুন তাৰিখৰ পৰা আজিলৈ কিয় ঘটনাটো অন্ধকাৰত আছিল তাক লৈয়ো সৃষ্টি হৈছে ৰহস্যৰ । সম্প্ৰতি নলবাৰীৰ আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা অনুসৰি সেইদিনাৰ থানাত কি ঘটিছিল জানিবৰ বাবে অভিজ্ঞ দলৰ দ্বাৰা চিচিটিভি ভিজুৱেল পৰীক্ষা কৰি থকা হৈছে । ঘটনা সন্দৰ্ভত আদালতক আবেদন জনোৱা হৈছে বুলিও জানিবলৈ দিয়ে আৰক্ষী অধীক্ষকগৰাকীয়ে । আদালতে তাৰিখ ঘোষণা কৰিলে সকলো বিষয়াকে কোৰ্টত থিয় কৰোৱা হ’ব বুলি কয় সুধাকৰ সিঙে ।