নলবাৰী,20 জানুৱাৰীঃ সোমবাৰে নলবাৰীত উপস্থিত হয় উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ৷ নলবাৰীৰ ইতিহাস প্ৰসিদ্ধ শিলগোঁসানী থানত উপস্থিত হৈ অসমৰ পৰ্যটন তালিকাত শিলগোঁসানী থানক অন্তৰ্ভূক্ত কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ শিলগোঁসানী থান ৰাজ্য চৰকাৰৰ 'অসম দৰ্পণ' আঁচনিৰ অন্তৰ্ভুক্ত হোৱা বুলি ব্যক্ত কৰে উদ্যোগ মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে, সমষ্টিটোৰ অন্তৰ্গত কঠালবাৰী গাঁৱক আদৰ্শ গাঁও হিচাপে ঘোষণা কৰা বুলি জনাই গাঁওখনৰ উন্নয়নৰ বাবে দুই কোটি টকা আগবঢ়োৱা হ'ব বুলিও ঘোষণা কৰে ৷ তেখেতে ধৰ্মপুৰ সমষ্টিৰ অন্তৰ্গত নতুন দেহৰ মৌজাত এখন কলেজ স্থাপন কৰিব নোৱাৰা বুলি আক্ষেপ প্ৰকাশ কৰি কয় যে, ইয়াৰ বাবে ৰাইজক কেইবাবাৰো আহ্বান জনোৱাৰ পিছতো কোনো আগবাঢ়ি নাহিল ৷ উল্লেখ্য যে পাটোৱাৰীয়ে আনটাইড ফান্ডৰ দ্বাৰা অনুমোদিত এটি সভা গৃহৰ আধাৰশিলা স্থাপন কৰে শিলগোঁসানী থানত ।
'অসম দৰ্পণ' আঁচনিৰ অন্তৰ্ভুক্ত নলবাৰীৰ শিলগোঁসানী থান - নলবাৰীৰ শিলগোঁসানী থান
নলবাৰীৰ ইতিহাসপ্ৰসিদ্ধ শিলগোঁসানী থানত উপস্থিত হৈ অসমৰ পৰ্যটন তালিকাত শিলগোঁসানী থানক অন্তৰ্ভূক্ত কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে ৷ শিলগোঁসানী থান ৰাজ্য চৰকাৰৰ 'অসম দৰ্পণ' আঁচনিৰ অন্তৰ্ভুক্ত হোৱা বুলি ব্যক্ত কৰে উদ্যোগ মন্ত্ৰীগৰাকীয়ে ৷
'অসম দৰ্পণ' আচনিৰ অন্তৰ্ভুক্ত নলবাৰীৰ শিলগোঁসানী থান