অসম

assam

ETV Bharat / state

নলবাৰীৰ নালান্দা পাব্লিক স্কুলত হুৱাদুৱা, মূৰ্ছা গ’ল চাৰিগৰাকীকৈ ছাত্ৰী - NALBARI SCHOOL INCIDENT

নলবাৰীৰ এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অঘটন । ব্যক্তিগত খণ্ডৰ নালান্দা পাব্লিক স্কুলত ছুটি হোৱাৰ কিছু মূহুৰ্তৰ পূৰ্বেই হঠাৎ লাগে হুৱাদুৱা ।

নলবাৰীৰ নালান্দা পাব্লিক স্কুলত হুৱাদুৱা, মূৰ্ছা গ’ল চাৰিগৰাকীকৈ ছাত্ৰী

By

Published : Jun 18, 2019, 2:19 AM IST

নলবাৰী, 18 জুনঃনলবাৰীৰ ব্যক্তিগত খণ্ডৰ নালান্দা পাব্লিক স্কুলত অঘটন ৷ দশম আৰু নৱম শ্ৰেণীৰ চাৰিগৰাকীকৈ ছাত্ৰী হঠাতে মূৰ্ছা যোৱাত এক অভাবনীয় পৰিবেশৰ সৃষ্টি হয় স্কুলখনত । ততাতৈয়াকৈ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ছাত্ৰী কেইগৰাকীক ।

নলবাৰীৰ নালান্দা পাব্লিক স্কুলত হুৱাদুৱা, মূৰ্ছা গ’ল চাৰিগৰাকীকৈ ছাত্ৰী

আনফালে এই সমগ্ৰ ঘটনা সংবাদ মাধ্যমৰ আগত গাপ দিয়াৰ চেষ্টা চলাই বিদ্যালয় কতৃপক্ষই ৷ সাংবাদিকক বাতৰি সংগ্ৰহ কৰাত বাধা আৰোপ কৰে বিদ্যালয় কতৃপক্ষই । বিদ্যালয়খনৰ ছাত্ৰী তৃষ্ণা বৰা, স্বপ্না সিং, গীতু ডেকা, কৃতি জৈন চিকিৎসাধীন হ’ব লগা হয় ।

প্ৰকৃততে কিহৰ বাবে এই ঘটনা সংঘটিত হ’ল এতিয়াও স্পষ্টকে জানিব পৰা হোৱা নাই । উল্লেখ্য যে, বাৰে বাৰে বিতৰ্কত সোমাই পৰা এইখন বিদ্যালয়লত পূৰ্বেও বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈছে । যাৰ বাবে অভিভাৱক-অভিভাবিকা সকল বিতুষ্ট হৈ পৰিছে ।

ABOUT THE AUTHOR

...view details