নলবাৰী 21 অক্টোবৰ: নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাইকাৰকুছিত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ বেগী বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় বিশেষ ভাৱে সক্ষম এজন যুৱক ৷ AS 01 DQ 3435 নম্বৰৰ হোণ্ডাই আই-২০ বাহনৰ খুন্দাত গুৰুতৰ ভাৱে আহত হয় যুৱকজন । ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ যুৱকজনক ততাতৈয়াকৈ নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰায় ৷ যুৱকজন বৰভাগৰ মানস প্ৰতীম দাস বুলি চিনাক্ত কৰা হৈছে। উল্লেখযোগ্য যে পাইকাৰকুছি চ'কত গাড়ী সমূহ বিশৃংখলভাৱে পাৰ্কিং কৰাৰ ফলত শেহতীয়াকৈ কেইবাটাও পথ দুৰ্ঘটনা সংঘটিত হৈছিল।
পাইকাৰকুছিত পথ দুৰ্ঘটনা আহত বিশেষ ভাৱে সক্ষম যুৱক - বৰভাগ
নলবাৰীত ভয়ংকৰ পথ দূৰ্ঘটনা। গুৰুতৰ ভাৱে আহত বিশেষ ভাৱে সক্ষম যুৱক। যুৱকজনক সম্প্ৰতি নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ৷
পাইকাৰকুছিত পথ দুৰ্ঘটনা আহত বিশেষ ভাৱে সক্ষম যুৱক