নলবাৰী, 16 আগষ্ট: নলবাৰী জিলাৰ পকোৱা অঞ্চলৰ জনসাধাৰণৰ বিশুদ্ধ খোৱাপানী যোগানৰ উদ্দেশ্যে বেলশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে প্ৰায় একহাজাৰ পৰিয়ালক সামৰি স্থাপন কৰিছিল খোৱাপানী যোগান আঁচনিখন । কিন্তু প্ৰায় সহস্ৰাধিক পৰিয়ালক সামৰি স্থাপন কৰা আঁচনিখনৰ পৰা মাত্ৰ কেইঘৰমান পৰিয়ালেহে পানী লাভ কৰিবলৈ সক্ষম হৈছে যদিও সেয়া অনিয়মীয়া ।
নলবাৰীত পানীৰ নামত বৰবিহ খাইছে জনসাধাৰণে
নলবাৰীৰ বেলশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্মচাৰীৰ চূড়ান্ত গাফিলতি আৰু অকৰ্মাণ্যতাই চৰম শংকা কঢ়িয়াই আনিছে নলবাৰী জিলাৰ বেলশৰৰ সহস্ৰাধিক পৰিয়ালৰ জীৱনলৈ ৷
নলবাৰীত পানীৰ নামত বৰবিহ খাইছে জনসাধাৰণে
আনহাতে পানী যোগান আঁচনিখনৰ বিভাগীয় কৰ্তৃপক্ষৰ চৰম অৱহেলা আৰু গাফিলতিৰ বাবে বিশুদ্ধ পানীৰ নামত বৰবিহ খাইছে অঞ্চলটোৰ ৰাইজে । পানীৰ টেংকিসমূহত ভেঁকুৰ, চেলেনিৰ প্ৰলেপ পৰাত বিশুদ্ধ পানীৰ সলনি ঘোলা পানীহে ওলাই পাইপেৰে । স্থানীয় ৰাইজে অতি শীঘ্ৰে উক্ত পানীযোগান আঁচনিখন নিয়মীয়াভাবে পৰিচালনা কৰিবলৈ আহ্বান জনাইছে বিভাগীয় কৰ্তৃপক্ষক ।