নলবাৰী, 5 নৱেম্বৰ: অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে নলবাৰীতো যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে চহৰৰ জৈন মন্দিৰ চ’কত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ কৰি ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
নলবাৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ - ফণী ভূষণ চৌধুৰী
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে বৃহস্পতিবাৰে নলবাৰীতো যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে চহৰৰ জৈন মন্দিৰ চকত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীৰ প্ৰতিমূৰ্তি দাহ কৰি ৰাজ্যত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ।
নলবাৰীত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ
উক্ত কাৰ্যসুচীত পৰিষদৰ কৰ্মী সকলে মূল্যবৃদ্ধি ৰোধ কৰক, সৰ্বানন্দ সোণোৱাল হায় হায়, যোগান মন্ত্ৰী হায় হায় আদি শ্লোগানেৰে উত্তাল কৰি তোলে নলবাৰীৰ চহৰ । উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ ফলত বহু সময় ধৰি চহৰখনৰ জৈন মন্দিৰ চ’কত যান-জঁটৰো সৃষ্টি হয় ৷
লগতে পঢ়ক: তেজপুৰত সুধাকণ্ঠক স্মৰণ বিভিন্ন সংগঠনৰ