নলবাৰী,3ডিচেম্বৰ: বুধবাৰে নলবাৰী জিলাত স্থানীয় ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ প্ৰতিবাদ ৷ কৃষক বিৰোধী তিনিখনকৈ কলা আইন বাতিল কৰা আৰু নতুন দিল্লীত চলি থকা বিশাল কৃষক আন্দোলনৰ প্ৰতি সংযত হোৱাৰ বাবে নলবাৰী চহৰৰ মাজমজিয়াৰ থানা চকত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।
নলবাৰীত মানৱ শৃংখল কাৰ্যসূচী - কৃষক বিৰোধী তিনিখনকৈ কলা আইন বাতিল
নলবাৰীত মানৱ শৃংখলৰ কাৰ্যসূচী ৷ কাৰ্যসূচী ৰূপায়ণ কৰে সাধৰণ জনতা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, ৰাইজৰ দলকে আদি কৰি বহু দল সংগঠনে ৷ কৃষক বিৰোধী তিনিখনকৈ কলা আইন বাতিল কৰা আৰু নতুন দিল্লীত চলি থকা বিশাল কৃষক আন্দোলনৰ প্ৰতি সহাৰি জনায় এই কাৰ্যসূচী ৰূপায়ণ কৰে ৷
![নলবাৰীত মানৱ শৃংখল কাৰ্যসূচী nalbari protest](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9748603-thumbnail-3x2-io.jpg)
নলবাৰীত মানৱ শৃংখল কাৰ্যসূচী
ইপিনে, এই কাৰ্যসূচীত নলবাৰীৰ সাধৰণ জনতা, কৃষক মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদ, ৰাইজৰ দলকে আদি কৰি বহু দল সংগঠনে ভাগ লয় ৷ প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল'গানেৰ উত্তপ্ত কৰি তোলে প্ৰতিবাদস্থলী ৷
অন্য এক খবৰৰ বাবে: যোৰহাটত তৰুণ গগৈক সুঁৱৰি সৰ্বধৰ্মীয় সভাৰ আয়োজন