নলবাৰী, 24মে':সৰ্বত্ৰে এতিয়া কৰ'ণাৰ আতংক ৷ কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰে জাৰি কৰিছে বহু নীতি-নিৰ্দেশনা ৷ কিন্তু একাংশ চৰকাৰী কৰ্মচাৰীৰ কৰ্ম কাণ্ডই এতিয়া চকু কপালত তুলিছে ৷ চৰকাৰী নীতি-নিয়ম নামানি একাংশই কৰিছে পাৰ্টী ৷ ক'ভিড মহামাৰী নহয় যেন এক উৎসৱহে এই সকল কৰ্মচাৰীৰ বাবে ৷ নলবাৰী জিলাৰ বিদ্যুত সংমণ্ডলৰ কৰ্মচাৰীৰ কাণ্ড এইয়া ৷ কভিড প্ৰটকল ধোৱাচাঙত তুলি সংমণ্ডৰ কৰ্মচাৰীয়ে কৰিছে পাৰ্টী ৷
চৰকাৰী নীতি- নিৰ্দেশনাক ভৰিৰে মোহাৰি সংমণ্ডলটোৰ কৰ্মচাৰী সকল ব্যস্ত থাকিল ভোজভাত খোৱাত ৷ এই কৰ্মচাৰী সকলে চৰকাৰী নিয়মক অমান্য কৰি ব্যস্ত থাকে পাৰ্টী কৰাত ৷ জিলা খনৰ ব্যস্ততাপূৰ্ণ এটা চৰকাৰী কৰ্মচাৰীৰ এই কাণ্ডই এতিয়া জিলাখনত সৃষ্টি কৰিছে নতুন প্ৰতিক্ৰিয়াৰ ৷