অসম

assam

ETV Bharat / state

নলবাৰী আৰক্ষীৰ জালত নিচাজাতীয় সামগ্ৰীসহ 4 জন লোক - ড্ৰাগছ সৰবৰাহকাৰী

সোমবাৰে নলবাৰী আৰক্ষীয়ে চলোৱা এক অভিযানত জিলা খনৰ মূলাৰকুছিৰ পৰা প্ৰায় 1 লাখ টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰাৰ লগতে 4 জন লোকক আটক কৰিবলৈ সক্ষম হয় ৷

নিচাজাতীয় সামগ্ৰীসহ 4 জন লোক
নিচাজাতীয় সামগ্ৰীসহ 4 জন লোক

By

Published : Sep 28, 2020, 5:20 PM IST

নলবাৰী, 28 ছেপ্তেম্বৰ:ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে নলবাৰী আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ৷ সেই অভিযানত ভিত্তিত সোমবাৰে দিনৰ ভাগত জিলাখনৰ মূলাৰকুছিৰ পৰা আৰক্ষীয়ে নিচাজাতীয় সামগ্ৰীসহ 4 জনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ অভিযুক্ত লোকেইজন ক্ৰমে নলবাৰী চামতাৰ ৰঞ্জিত তালুকদাৰ, ৰমেন বৰ্মন, তাজিম আলী আৰু বৰপেটাৰ আবেদ আলী বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ৷ বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰীৰ লগতে চাৰিওজন অভিযুক্তৰ পৰা নলবাৰী আৰক্ষীয়ে এখন পালচাৰ বাইক আৰু এখন মাৰুতি ভেনো জব্দ কৰে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি চাৰিওজন লোকে ড্ৰাগছ সমূহ বৰপেটাৰ পৰা নলবাৰীলৈ লৈ আনিছিল ৷ জব্দকৃত ড্ৰাগছ খিনিৰ মূল্য প্ৰায় 1 লাখ টকা বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷

নলবাৰী আৰক্ষীৰ জালত নিচাজাতীয় সামগ্ৰীসহ 4 জন লোক

ABOUT THE AUTHOR

...view details