উপ-পৰিদৰ্শক বাছনি কাণ্ডঃ নলবাৰী আৰক্ষীৰ জালত কুলদ্বীপ ৰাজবংশী - assam police SI written examination scam
তদন্তৰ খাতিৰত নলবাৰী আৰক্ষীয়ে এইপৰ্যন্ত অধিক তথ্য সদৰি কৰা নাই যদিও ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত বিজেপি নেতা দিবন ডেকাৰে সম্পৰ্ক স্থাপন কৰা কেইবাজনো লোকক বিচাৰি আছে বুলি জানিব পৰা গৈছে ৷
নলবাৰী, 24 ছেপ্তেম্বৰঃঅসম আৰক্ষীৰ উপ-পৰিদৰ্শক বাছনিৰ বাবে অনুষ্ঠিত হোৱা লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱা কাণ্ডৰ লগত সাঙোৰ খাইছে ন-ন নেতা পালিনেতাৰ নাম ৷ নব নিৰ্মাণ ভাৰত নামৰ সংগঠনৰ ৰাজ্যিক সভাপতি কুলদ্বীপ ৰাজবংশীক নলবাৰীৰ পৰা শোধ-পোছৰ বাৱে আৰক্ষীয়ে আটক কৰিছে ৷ বৰ্তমান নলবাৰী সদৰ থানাত মাৰাথান জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ তদন্তৰ খাতিৰত নলবাৰী আৰক্ষীয়ে এইপৰ্যন্ত অধিক তথ্য সদৰি কৰা নাই যদিও ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত বিজেপি নেতা দিবন ডেকাৰে সম্পৰ্ক স্থাপন কৰা কেইবাজনো লোকক বিচাৰি আছে বুলি জানিব পৰা গৈছে ৷