অসম

assam

By

Published : Jul 10, 2022, 1:43 PM IST

ETV Bharat / state

কেঁচু খান্দোতে ওলাল সাপ: দুৰ্ঘটনাগ্ৰস্ত বাহনত ওলাল বুজন পৰিমাণৰ গাঞ্জা

ৰাজ্যত যেন ড্ৰাগছ-গাঞ্জাৰ সৰবৰাহ আৰু ব্যৱসায় এটা সমাধান নোহোৱা অংক হৈ পৰিছে ৷ যিমানেই আৰক্ষীয়ে অপৰাধীক আটক কৰিছে, সিমানেই বিভিন্ন কৌশলেৰে চলাই গৈছে এই বিহৰ সৰবৰাহ আৰু ব্যৱসায়(Assam Police against drugs and ganja) ৷ এইবাৰ নলবাৰীত এখন দুৰ্ঘটনাগ্ৰস্ত বাহনৰ পৰা জব্দ কৰা হয় বুজন পৰিমাণৰ গাঞ্জা(Ganja seized in Nalbari) ।

ganja seized from accident vehicle nalbari
কেঁচু খান্দোতে ওলাল সাঁপ: দুৰ্ঘটনাগ্ৰস্ত বাহনত ওলাল বুজন পৰিমাণৰ গাঞ্জা

নলবাৰী,১০ জুলাই: অসম আৰক্ষীৰ নেৰানেপেৰা প্ৰচেষ্টাৰ পিছতো অব্যাহত আছে নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায়(Assam Police against drugs and ganja) ৷ নিতৌ কৌশল সলনি কৰি ড্ৰাগছ তথা গাঞ্জা ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে এই চোৰাং কাৰবাৰ ৷ আৰক্ষীয়েও প্ৰতিদিনেই জব্দ কৰি আহিছে বৃহৎ পৰিমাণৰ নিচাজাতীয় সামগ্ৰী । পিছে এইবাৰ নলবাৰীত দুৰ্ঘটনাত পতিত হোৱা এখন বাহনৰ পৰা ওলাল বুজন পৰিমাণৰ গাঞ্জা(Ganja seized in Nalbari) ।

ঘটনা অনুসৰি, নিশা নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক ভয়ংকৰ পথ দূৰ্ঘটনা । নলবাৰীৰ জিলা পৰিবহন বিষায়ৰ কাৰ্য্যালয়ৰ সন্মুখত সংঘটিত হয় এই দূৰ্ঘটনাটো । গুৱাহাটীৰ দিশৰ পৰা বৰপেটা অভিমুখী AS01EP6813 নম্বৰৰ এখন চাৰিচকীয়া বাহনে তীব্ৰ গতিত খুন্দা মাৰে ঘাইপথৰ ডিভাইদাৰত । লগে লগে স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক । ঘটনাৰ খবৰ পোৱা মাত্ৰকে যানবাহন আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত ।

পিছে কেঁচু খান্দোতে ওলাল সাপ । দুৰ্ঘটনাত পতিত বাহনখনৰ পৰা ওলাল বুজন পৰিমাণৰ গাঞ্জা । আৰক্ষীয়ে লগে লগে জব্দ কৰে গাঞ্জাখিনি । ইফালে আহত অৱস্থাত আটক কৰে বাহনখনৰ চালকজনক । সম্প্ৰতি নলবাৰী আৰক্ষীয়ে গাড়ীখনো জব্দ কৰি থানালৈ লৈ যায় বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Tinsukia Ambush: আলফাক লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা

ABOUT THE AUTHOR

...view details