অসম

assam

By

Published : Jul 27, 2022, 6:47 PM IST

ETV Bharat / state

Assam Youth Olympic 2022 : টাং চু ডু ইভেণ্টত ব্ৰঞ্জৰ পদকেৰে নলবাৰীলৈ সুনাম দুই খেলুৱৈৰ

নলবাৰী জিলালৈ সুনাম কঢ়িয়াই আনিলে টাং চু ডু খেলুৱৈয়ে । অসম যুৱ অলিম্পিক 2022 জিলাখনৰ দুই খেলুৱৈয়ে লাভ কৰিলে ব্ৰঞ্জৰ পদক (Tang Soo do players of Nalbari wins bronze)। প্ৰতিযোগিতাত ৮ জনীয়াৰ খেলুৱৈ দলে অংশগ্ৰহণ কৰিছিল । নলবাৰীত উপস্থিত হোৱাৰ লগে লগে খেলুৱৈৰ দলটোক উষ্ম আদৰণি ক্ৰীড়া সন্থাৰ ।

Assam Youth Olympic 2022
টাং চু ডু ইভেণ্টত ব্ৰঞ্জৰ পদকেৰে নলবাৰীলৈ সুনাম দুই খেলুৱৈৰ

নলবাৰী,২৭ জুলাই :অসম যুৱ অলিম্পিক 2022ত (Assam Youth Olympic 2022) নলবাৰী খেলুৱৈৰ সফলতা অৰ্জন । টাং চু ডু ইভেণ্টত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰে নলবাৰীৰ খেলুৱৈয়ে (Tang Soo do players of Nalbari wins bronze)। পদক অৰ্জন কৰা খেলুৱৈৰ দলটোক উষ্ম আদৰণি নলবাৰীত ।

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হৈছে অসম যুৱ অলিম্পিক । যোৱা ২২ জুলাইৰ পৰা ২৭ জুলাইলৈ চলা এই প্ৰতিযোগিতাৰ টাং চু ডু ইভেন্টত নলবাৰীৰ ৮ জনীয়া এটা দলে অংশগ্ৰহণ কৰিছিল । য'ত দলটোৱে ২ টাকৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় ।

২৪ আৰু ২৫ জুলাইত সোণাপুৰৰ ডনবস্ক' বিশ্ববিদ্যালয়ত টাং চু ডু ইভেণ্ট অনুষ্ঠিত হৈছিল । এই ইভেণ্টত নলবাৰীৰ ৮ জনীয়া দলটোৰ দুগৰাকী খেলুৱৈয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । কৃষ্ণা বড়োৱে ৪৪ কেজি শাখাত আৰু ৫৪ কেজি শাখাত সঞ্জিমা মহিলাৰীয়ে ব্ৰঞ্জৰ পদক লাভ কৰে ।

টাং চু ডু ইভেণ্টত ব্ৰঞ্জৰ পদকেৰে নলবাৰীলৈ সুনাম দুই খেলুৱৈৰ

বুধবাৰে দলটো নলবাৰী ৰেল ষ্টেচনত আহি উপস্থিত হোৱাৰ পিছতেই নলবাৰী জিলা টাং চু ডু স্প'ৰ্টছ এচ'ছিয়েশ্যনৰ সভাপতি নয়নজ্যোতি ‌তালুকদাৰ আৰু কৰ্মকৰ্তাসকলে খেলুৱৈসকলক উষ্ম আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে (Felicitation of Tang Soo Do player team at Nalbari)। লগতে নলবাৰী জিলা ক্ৰীড়া সন্থাৰ সম্পাদক বুবুল তালুকদাৰ আৰু কৰ্মকৰ্তাসকলকো ধন্যবাদ জ্ঞাপন কৰে ।

তাৰোপৰি উক্ত সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত নলবাৰীৰ প্ৰশিক্ষক আজহাৰুল আমিন আৰু দলৰ মেনেজাৰ অমল শৰ্মাকো সম্বৰ্ধনা জনোৱা হয় ।

লগতে পঢ়ক :Assam Youth Olympics 2022: সোণৰ পদক আঁজুৰি স্ব-গৃহলৈ উভতিল ডিব্ৰুগড়ৰ মহিলা ফুটবল দল

For All Latest Updates

ABOUT THE AUTHOR

...view details