অসম

assam

ETV Bharat / state

Diwali 2023:এইবাৰ দীপাৱলীত অনলাইনত নিকিনিব প্লাষ্টিকৰ চাকি...যাওক গাঁৱলৈ

পোহৰৰ উৎসৱ দীপাৱলীৰ প্ৰাকক্ষণত চৰিয়াত ৰাইজে তৈয়াৰ কৰিছে হাজাৰ হাজাৰ মাটিৰ চাকি । চৰিয়াত চাক অবিহনে মাটিৰ চাকি বনোৱাত ব্যস্ত গাঁৱখনৰ লোকসকল । আপোনাৰ মোৰ পদূলি পোহৰাই তুলিবলৈ এইসকল মৃৎ শিল্পীয়ে তৈয়াৰ কৰিছে মাটিৰ চাকি । বছৰ বছৰ ধৰি চাকি নিৰ্মাণ কৰি অহা এই মৃৎ শিল্পীয়ে আজিলৈকে লাভ কৰা নাই সা-সুবিধা ।

Diwali 2023
চাকি কিনিবলৈ যাওক গাঁৱলৈ

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 12:15 PM IST

চাকি কিনিবলৈ যাওক গাঁৱলৈ

নলবাৰী, ১০ নৱেম্বৰ :সমাগত পোহৰৰ উৎসৱ দীপাৱলী । মাজত মাথো আৰু এটা দিন বাকী । দীপাৱলীলৈ মাজত এটা দিন বাকী থকাত এতিয়া দিনে নিশাই ব্যস্ত হৈ পৰিছে ৰাজ্যৰ মৃৎ শিল্পীসকল । নলবাৰীতো মৃৎ শিল্পীসকলৰ মাজত দেখা গৈছে ভীষণ ব্যস্ততা । জগত পোহৰাই তুলিবলৈ সাজু হৈছে নলবাৰীৰ এইসকল মৃৎ শিল্পী । সেয়েহে এতিয়া মাটিৰ চাকি তৈয়াৰত ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল ।

নলবাৰীৰ চৰিয়া গাঁৱৰ ৩৬ টা মৃৎ শিল্পীৰ পৰিয়ালৰ প্ৰতিঘৰ লোকে সাজি উলিয়াইছে ২০ ৰ পৰা ২৫ হাজাৰকৈ মাটিৰ চাকি । মাটিৰ চাকি তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে চৰিয়াৰ ৩৬ টাকৈ মৃৎ শিল্পৰ লগত জড়িত পৰিয়াল । চাক অবিহনে মাটিৰ চাকিৰ লগতে মাটিৰ বিভিন্ন বাচনো তেওঁলোকে তৈয়াৰ কৰি উলিয়াইছে । এইবেলি দীপাৱলীত জগত পোহৰাবলৈ লাখ লাখ চাকি নিৰ্মাণ কৰি উলিয়াইছে চৰিয়া গাঁৱৰ লোকসকলে । কোনো চৰকাৰী সাহায্য অবিহনে দীপৰ বিল, আগিয়াথুৰি, গুৱাহাটী আদিৰ পৰা এঠাল আৰু ৰঙচুৱা মাটি ক্ৰয় কৰি আনি এইসকল মৃৎ শিল্পীয়ে নিজৰ থলুৱা উদ্যোগটোক জীয়াই ৰখাৰ বাবে আপ্ৰাণ চেষ্টা চলাই আহিছে । পিছে এইসকল শিল্পীয়ে বছৰ বছৰ ধৰি মাটিৰ চাকিকে ধৰি মাটিৰ বিভিন্ন পাত্ৰ তৈয়াৰ কৰি আহিছে যদিও শিল্পীসকলে আজিও বিভিন্ন সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছে । তাৰ মাজতে ধৰি ৰাখিছে সাতামপুৰুষীয়া এই কাম ।

এইসকল শিল্পীৰ হাতত প্ৰাণ পাই উঠা চাকিয়ে পোহৰাই তুলিব আপোনাৰ মোৰ পদূলি । আনহাতে সাতামপুৰুষীয়া এই বৃত্তিটোত এইসমূহ পৰিয়ালৰ কোনেও চৰকাৰী সা-সুবিধা নোপোৱাৰ বাবেই নতুন প্ৰজন্ম আকৃষ্ট নহয় এই মৃৎ শিল্পৰ প্ৰতি ৷ ফলত ক্ৰমাৎ হেৰাই যোৱাৰো উপক্ৰম ঘটিছে মৃৎ শিল্পৰ ৷ কিয়নো চৰিয়াৰ এইসকল দৰিদ্ৰ পৰিয়ালে একমাত্ৰ মৃৎ শিল্পৰেই চলাই নিছে জীৱন । বছৰ বছৰ ধৰি চাকি-বন্তি,অন্যান্য সামগ্ৰী নিৰ্মাণ কৰি আহিছে যদিও চৰকাৰৰ কোনো আঁচনিয়ে আজিলৈ এওঁলোকক ঢুকি নাপালে ।

লগতে পঢ়ক :Jal Diwali 2023: ৰাজ্যৰ 13 খন চহৰকে ধৰি মহানগৰীত জল দীপাৱলীৰ আয়োজন

ABOUT THE AUTHOR

...view details