অসম

assam

By

Published : Jun 15, 2020, 8:30 AM IST

ETV Bharat / state

পুনৰ নলবাৰীৰ যুৱক আক্ৰান্ত কোভিড-19ত

যুৱকজন কাৰ-কাৰ কেনেকৈ সংস্পৰ্শলৈ আহিছিল তাৰ তথ্য বৰ্তমানলৈ পোৱা হোৱা নাই । ইতিমধ্যেই যুৱকজনক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালৈ 108 যোগে প্ৰেৰণ কৰা হৈছে ৷

নলবাৰী, 15 জুনঃনলবাৰীৰ ঘগ্ৰাপাৰৰ ৰাইজৰ মাজত আংতক ৷ কাৰণ জিলাখনৰ ঘগ্ৰাপাৰৰ এজন যুৱকৰ শৰীৰত পুনৰ ধৰা পৰিছে ক'ভিড -১৯ ৰ ভাইৰাছ । কৰ'ণাত আক্ৰান্ত যুৱকজন হৈছে ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কুঁৱৰীকুছি গাঁওৰ মৃগেন ডেকা ।

পুনৰ নলবাৰীৰ যুৱক আক্ৰান্ত কোভিড-19ত

যুৱকজন গুৱাহাটীৰ এখন ফাৰ্মাচিত কৰ্মৰত আছিল । গুৱাহাটীতে "শ্বাব" পৰীক্ষা কৰি বিগত তিনিদিন ধৰি ঘগ্ৰাপাৰৰ নিজ ঘৰতে আছিল যুৱকজন । এতিয়া সমগ্র নলবাৰী জিলাৰ লগতে বৃহত্তৰ ঘগ্ৰাপাৰতো ৰাইজৰ মাজত কৰ'ণা ভাইৰাছে আংতকিত পৰিৱেশৰ সৃষ্টি কৰিছে । যুৱকজন কাৰ-কাৰ কেনেকৈ সংস্পৰ্শলৈ আহিছিল তাৰ তথ্য বৰ্তমানলৈ পোৱা হোৱা নাই । ইতিমধ্যেই যুৱকজনক নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালৈ 108 যোগে প্ৰেৰণ কৰা হৈছে ৷

ABOUT THE AUTHOR

...view details