৯০ উৰ্ধৰ এগৰাকী শিল্পীৰ বেদনা... - NALBARI OLD ARTIST
এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ সমষ্টিৰে হৈও অৱহেলিত শিল্পী গৰাকী । ৯১ বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে শিল্পী পেঞ্চন নাপালে নলবাৰী জিলাৰ ককয়া গাওঁৰ ঢকুৱা বন্ধা চুবুৰীৰ উমেশ চন্দ্ৰ ভাগৱতী নামৰ এই গৰাকী শিল্পীয়ে ৷
৯০ উৰ্ধৰ এগৰাকী শিল্পীৰ বেদনা...
নলবাৰী, 28 ছেপ্টেম্বৰ: নলবাৰীৰ এগৰাকী বৰ্ষীয়ান শিল্পী ৷ শিল্পী মানে একেবাৰে মাটিৰ শিল্পী তেওঁ ৷ বয়সে হাৰ মনাব নোৱাৰা শিল্পী গৰাকীয়ে এতিয়াও নিজৰ চাইকেল খনৰে হাট-বজাৰ কৰে ৷ প্ৰথমে মৃণ্ময় শিল্পী ৷ তাৰ পিছত পৰ্যায়ক্ৰমে নাগাৰা নামৰ শিল্পী আনকি এসময়ত ওজাপালিৰ শিল্পীও আছিল তেওঁ ৷ পিছে ৯১ বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে শিল্পী পেঞ্চন নাপালে নলবাৰী জিলাৰ ককয়া গাওঁৰ ঢকুৱা বন্ধা চুবুৰীৰ উমেশ চন্দ্ৰ ভাগৱতী নামৰ এই গৰাকী শিল্পীয়ে ৷