নলবাৰী, 6 জুলাইঃ নলবাৰীত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ নামত হাৰাশাস্তি ৰানু সমদদাৰ নামৰ এগৰাকী মহিলাক ৷ পোন্ধৰ বছৰ আগতে নলবাৰীৰ প্ৰয়াত শংকৰ সমদদাৰ নামৰ লোকজনৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বঙাইগাঁৱৰ মহিলাগৰাকীলৈ দ্বিতীয়বাৰৰ বাবে নলবাৰী আৰক্ষীয়ে প্ৰেৰণ কৰিলে 'D-Voter'ৰ জাননী ৷
ভাৰতীয় হোৱাৰ পিচটো আহিল সীমান্ত আৰক্ষীৰ চমন
নলবাৰীৰ ৰানু সমদদাৰ নামৰ মহিলাগৰাকীলৈ পুনৰ 'D-Voter'ৰ জাননী প্ৰেৰণ কৰিলে নলবাৰী আৰক্ষীয়ে ৷
ভাৰতীয় হোৱাৰ পিচটো আহিল সীমান্ত আৰক্ষীৰ চমন
উল্লেখ্য যে, 2004 চনত নলবাৰী আৰক্ষীয়ে মহিলাগৰাকীক D-Voterৰ জাননী প্ৰেৰণ কৰিছিল ৷ পৰৱৰ্তী সময়ত 2014 চনত নলবাৰী সত্ৰ ন্যায়ালয়ে মহিলাগৰাকীক বৈধ ভাৰতীয় নাগৰিক বুলি স্বীকৃতি প্ৰদান কৰে ৷ কিন্তু শেহতীয়াকৈ পুনৰ নলবাৰী আৰক্ষীয়ে মহিলাগৰাকীলৈ প্ৰেৰণ কৰিছে D-Voterৰ জাননী ৷ ইয়াকে লৈ এতিয়া জিলাখনত চাঞ্চল্য অব্যাহত আছে ৷